
কামৰূপ, ০৬ নৱেম্বৰ (হি.স.): আজিৰ পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শন আৰু অনুশীলনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে আভ্যন্তৰীণ জলপৰিবহন বিভাগে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লয় বিভাগটোৱে। ফেৰীৰ পৰিৱৰ্তে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ চলিব অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ।
উল্লেখ্য যে মহানগৰীৰ মাছখোৱাৰ কাষৰ ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাই চলাই আছে যুদ্ধ বিমান উৰণৰ আখৰা। অহা ৯ নৱেম্বৰত উদযাপন কৰিব লগা বায়ু সেনা দিৱসৰ বাবে চলোৱা হয় এই আখৰা। সেই দিনা ব্ৰহ্মপুত্ৰৰ নীলিম আকাশত উৰিব বায়ু সেনাৰ যুদ্ধ বিমান। উল্লেখ্য যে এই আখৰা যোৱা কালি বুধবাৰে চলোৱাৰ লগতে আজি বৃহস্পতিবাৰ আৰু ৮ নৱেম্বৰত চলিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
