
ধেমাজি, ২৩ ডিছেম্বৰ (হি.স.):অসম অৰুণাচল সীমান্তৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰুকচিনত শুক্ৰবাৰ আবেলি এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনা থিতাতে নিহত হয় এজন ছাত্ৰ।
জানিব পৰা মতে জোনাই হায়াৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ বিৰেন থাপা (১8) পৰীক্ষা দি জোনাইৰ লেকু জেলমৰ নিজ গৃহলৈ চাইকেলেৰে গৈ থাকোতে পিছফালৰ পৰা পাছিঘাট অভিমূখী এএছ ২২ চি ৯৩১৭ নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত ছাত্ৰজন নিহত হয় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
