গুৱাহাটী, ১০ আগষ্ট (হি.স.)। এতিহাসিক অসম আন্দোলনৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ বাদে কোনো চৰকাৰে এজনো সন্দেহযুক্ত পূৰ্ববংগমূলীয় বেদখলকাৰী মুছলমানৰ ঘৰ উচ্ছেদ কৰিব পৰা নাছিল। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়ালৈকে প্ৰায় ১ লাখ ৫০ হাজাৰ বিঘা ভূমি বেদখল মুক্ত কৰি বনাঞ্চল, জলাশয়, পি জি আৰ আৰু ভি জি আৰ লৈ উভতাই দিয়া হৈছে।
আজি অসম প্রদেশ,বিজেপিৰ এক বিবৃতি যোগে মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই কয় যে ইতিমধ্যে গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্রায় ১০ হাজাৰ বিঘা চৰকাৰী ভূমিত উচ্ছেদ চলোৱাৰ পিছত অসম চৰকাৰে ১৫,০০০ গছ পুলি ৰুই এক বৃহৎ বৃক্ষ-ৰোপণ অভিযান আৰম্ভ কৰিছে। অসমত এতিয়াও ২৯ লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ বাকী আছে। বিজেপি শাসিত অসম চৰকাৰখনে সত্ৰৰ ভূমি, বনাঞ্চলৰ ভূমি, জলাশয়ৰ ভূমি, ৰাজহুৱা অনুষ্ঠান, জাতীয় অনুষ্ঠান-প্রতিষ্ঠানৰ ভূমি বেদখল মুক্ত কৰি আহিছে। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ জন্মভূমি এতিহাসিক বটদ্ৰৱা সত্ৰৰ ১৩০ বিঘা ভূমিকে ধৰি অসমৰ সত্ৰসমূহৰ প্রায় ১৬ হাজাৰ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে।
বৰ্তমান বটদ্ৰৱা সত্ৰৰ বেদখল মুক্ত ১৮০ বিঘা ভূমিত অসম চৰকাৰে ১৮৬ কোটি টকা ব্যয় কৰি এটা অত্যাধুনিক প্রকল্প নিৰ্মাণ কৰি আছে। উক্ত প্রকল্পৰ অধীনত গুৰু আসন, সংগ্ৰহালয়, বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি- সংস্কৃতিৰ লগতে তাত গুৰুজনাৰ সৃষ্ট কৃষ্টি-সংস্কৃতি সমূহ প্রতিফলিত হ`ব। ছিপাব্বাৰৰ গৰুখুটীৰ অষ্টম শতিকাৰ এতিহ্যমণ্ডিত ধলপুৰ শিৱধামৰ ১৮০ বিঘা ভূমিকে ধৰি ৭৮০০ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰি উন্নয়নমূলক প্ৰকল্পলৈ পৰিবৰ্তিত কৰা হৈছে। আজি অসম চৰকাৰৰ তত্বাৱধানত উক্ত ঠাইত গৰুখুটী বহুমুখী কৃষি প্রকল্পৰ অধীনত বেদখল মৃক্তভূমিত প্রায় ৩০০ স্থানীয় যুৱক-যুৱতী কৃষি সৈনিক হিচাপে সংস্থাপিত হৈ আছে। গো-পালন, গাহৰি পালনৰ লগতে সৰিয়হ, মাকৈ, মাতিমাহ, তিল আৰু ৰঙালাউ খেতিৰ জৰিয়তে ২০২৪-২৫ বৰ্ষত গৰুখুটী প্ৰকল্পই ৪ কোটি ৮৫ লাখ টকা উপাৰ্জন কৰিছে।
শৰ্মাই উল্লেখ কৰে যে ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছদলকে ধৰি বিৰোধী দলসমূহ আৰু তথাকথিত বাওঁপন্থী চিন্তাধাৰাৰ লোকসকলে সন্দেহযুক্ত পূৰ্ববংগমূলীয় মুছলমান লোকসকলক লৈ কৰা স্বজন-তোষণৰ ৰাজনীতিক তীব্ৰ ভাবে নিন্দা কৰিছে। যিসকল লোকে খিলঞ্জীয়া জাতীয় সত্তাক ধ্বংস কৰাৰ বাবে অহৰহ ষড়যন্ত্ৰ কৰি আহিছে আৰু লগতে সন্দেহযুক্ত বেদখলকাৰীসকলক অসমৰ বৰঘৰলৈ লৈ অহাৰ বাবে এই দলসমূহে চলোৱা নিৰন্তৰ অপচেষ্টাক মুকলি প্ৰত্যাহ্বান দি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগস্তক দিনতো ন্যায় সংগতভাৱে উচ্ছেদ চলিবই বুলি দৃঢ়তাৰে প্রকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
