গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। চুতীয়া যুৱ পৰিষদ, অসমৰ উদ্যোগত পাঞ্জাবাৰীৰ শিল্প গ্ৰামত আজি আয়োজিত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় যুৱ সমাৰোহৰ মুকলি সভাত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।
সাংস্কৃতিক মন্ত্রী বড়াই অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী চুতীয়া সকলৰ ইতিহাস আৰু সংস্কৃতি অতি চহকী বুলি মন্তব্য কৰে।
চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক ভীষ্মকৰ বংশোদ্ভূত ৰজা বীৰপালৰ শৌৰ্য বীৰ্যৰ কাহিনী, তেখেতৰ শাসন ব্যবস্থা আদিয়ে চুতীয়া সকলৰ গৌৰৱ গাঁথাকে সোঁৱৰায় বুলিও মন্ত্রী বড়াই ভাষণত কয়।
ৰাজনৈতিক পাক চক্ৰত তাহানীৰ পৰাক্ৰমী চুতীয়া জাতিৰ লোকসকল ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰতি হৈ আছে যদিও চুতীয়া সকলে নিজস্ব পৰম্পৰা অটুট ৰাখিবলৈ সক্ষম হৈছে বুলিও ব্যক্ত কৰে।
সতী সাধনী, জনা গাভৰুৰ দেশ প্ৰেম, আত্মত্যাগৰ কাহিনীৰে বিঢৌত চুতীয়া জাতিৰ সাংস্কৃতিক পৰম্পৰাই বৃহত্তৰ অসমীয়া জাতিৰ সংবৰ্ধন তথা বিবৰ্তনত এক বিপুলায়তনৰ অৰিহণা যোগাইছে বুলিও সাংস্কৃতিক মন্ত্রী বড়াই ভাষণত মন্তব্য কৰে।
চুতীয়া যুৱ পৰিষদ,অসমৰ সভাপতি শ্যামল জ্যোতি বড়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কূল কমল বৰুৱা, উপাধ্যক্ষ জ্যোতিপ্রসাদ চুতীয়া, লোক সংস্কৃতিৰ সাধক পংকজ বৰাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
