
বৰপেটা, ০৭ জুলাই (হি.স.): অসমৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চৰ আহ্বানত অসম চৰকাৰে গ্ৰহন কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি খন অতি শীঘ্ৰে কাৰ্যকৰী কৰা,চালকৰ বাবে বিপজ্জনক মটৰ ভেহিকুল (সংশোধনী) আইন ২০১৯ অতি শীঘ্ৰে বাতিল কৰা, ভাৰতীয় ন্যায় সংহিতাৰ হিট এণ্ড ৰাণ বুলি জনাজাত ১০৬ (২) ধাৰা বাতিল কৰা, টোল টেক্সৰ নামত উপগ্ৰহৰ মাধ্যমেৰে নতুনকৈ আৰম্ভ কৰা ধন সংগ্ৰহৰ পদ্ধতি বন্ধ কৰা, বিভিন্ন ধৰণৰ জৰিমণা মাত্ৰাধিকভাৱে বৃদ্ধি প্ৰত্যাহাৰ কৰাৰ লগতে ফটো ফাইন পদ্ধতি বন্ধ কৰা আৰু শ্ৰমিকৰ অৰ্জিত অধিকাৰ খৰ্ব কৰা ধৰণৰ আইন বন্ধ কৰাৰ দাবীত অহা ৯ জুলাইত অসমত ২৪ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাইছে হাউলী ট্ৰাক আৰু মিনি ট্ৰাক শ্ৰমিক ইউনিয়নে ।
এই সন্দৰ্ভত ৰবিবাৰে আবেলি এখন সংবাদ মেল হাউলী ট্ৰাক আৰু মিনি ট্ৰাক শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয়। উক্ত সংবাদ মেলত শ্ৰমিক ইউনিয়নৰ সভাপতি কমৰুল ইছলাম, সহ সম্পাদক বাশিৰ আহমেদ খান, হাউলী ই-ৰিক্সা শ্ৰমিক ইউনিয়নৰ প্ৰাক্তন উপ সভাপতি মতলেব আলী,সহ সম্পাদক আয়নাল হ’ক আৰু সদৌ ঘিলাঝাৰী মৌজা ই-ৰিক্সা চালক ইউনিয়নৰ সভাপতি ৰজৱ আলী আদিয়ে উপস্থিত থাকি ২৪ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচীৰ পূৰ্ণ সমৰ্থন জনায় । চকা বন্ধ কাৰ্যসূচীটোত ই- ৰিক্সাকে ধৰি সৰ্ব স্তৰৰ মটৰ শ্ৰমিক সকলক সফল কৰি তুলিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
