নতুন দিল্লী, ২৯ ডিচেম্বৰ ২০২৫:
স্বচ্ছ আৰু নাগৰিক-কেন্দ্ৰিক প্ৰশাসন ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দিল্লী চৰকাৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (IIT) কানপুৰৰ সহযোগত এআই আধাৰিত ইন্টেলিজেন্ট গ্ৰিভেন্স মনিটৰিং ছিষ্টেম (IGMS) আৰম্ভ কৰিবলৈ আগবাঢ়িছে।
এই উদ্যোগৰ মূল উদ্দেশ্য হৈছে বৰ্তমানৰ অভিযোগ নিষ্পত্তি ব্যৱস্থাক আধুনিক কৰি সকলো অভিযোগক একেটা ডিজিটেল আৰু বুদ্ধিমান ব্যৱস্থাৰ অন্তৰ্গত কৰা। এই নতুন ব্যৱস্থাই অভিযোগৰ সমাধান অধিক দ্ৰুত, স্বচ্ছ আৰু দায়িত্বশীল কৰি তুলিব।
বৰ্তমান দিল্লীৰ নাগৰিকে PGMS, LG Listening Post, CPGRAMS আৰু বিভিন্ন বিভাগীয় পোৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰে। কিন্তু একক ব্যৱস্থাৰ অভাৱৰ বাবে বহু সময়ত অভিযোগৰ পুনৰাবৃত্তি, বিলম্ব আৰু সমন্বয়ৰ অভাৱ দেখা যায়। নতুন ইন্টেলিজেন্ট গ্ৰিভেন্স মনিটৰিং ছিষ্টেম এই সমস্যাবোৰ সমাধান কৰিব আৰু সকলো অভিযোগ এক কেন্দ্ৰীয় ডেশ্ববৰ্ডত সংযুক্ত কৰিব।
আইআইটি কানপুৰে উন্নয়ন কৰা এই এআই আধাৰিত ব্যৱস্থাত মেচিন লাৰ্নিং, ছেমেণ্টিক এনালাইচিছ আৰু ডাটা ইন্টেলিজেন্স ব্যৱহাৰ কৰা হ’ব। ইয়াৰ জৰিয়তে বিষয়াসকলে একেটা ডেশ্ববৰ্ডতেই সকলো অভিযোগ চাব পাৰিব, ৰিয়েল-টাইমত অৱস্থা অনুসৰণ কৰিব পাৰিব আৰু সময়মতে সমাধান নিশ্চিত কৰিব পাৰিব।
এই ব্যৱস্থাৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল —
-
অভিযোগসমূহৰ স্বয়ংক্ৰিয় বিভাগীয় বণ্টন
-
পুনৰাবৃত্ত সমস্যাৰ মূল কাৰণ বিশ্লেষণ (Root Cause Analysis)
-
বিভাগসমূহৰ কাৰ্যক্ষমতাৰ মূল্যায়ন
-
ভুৱা বা অপ্রয়োজনীয় অভিযোগ চিনাক্ত কৰিবলৈ স্পাম ফিল্টাৰ
-
OCR প্ৰযুক্তিৰ জৰিয়তে হাতে লিখা বা স্কেন কৰা নথি ডিজিটেলকৰণ
এই প্ৰকল্পৰ অধীনত আইআইটি কানপুৰে ছিষ্টেম ইন্টিগ্ৰেচন, চাইবাৰ সুৰক্ষা অডিট, ভলনাৰেবিলিটি এচেছমেণ্ট, পেনিট্ৰেচন টেষ্টিং আৰু দীৰ্ঘমেয়াদী প্ৰযুক্তিগত সহায় প্ৰদান কৰিব। ভৱিষ্যতে অভিযোগৰ সংখ্যা বৃদ্ধি হলেও এই ব্যৱস্থা যাতে সুচাৰুৰূপে কাম কৰে, সেই অনুসাৰে ইয়াক ডিজাইন কৰা হৈছে।
এই উপলক্ষে তথ্য প্ৰযুক্তি মন্ত্ৰী পংকজ কুমাৰ সিঙে কয় যে আধুনিক প্ৰযুক্তিৰ সহায়ত প্ৰশাসনক অধিক কার্যক্ষম আৰু স্বচ্ছ কৰি তুলিবলৈ দিল্লী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই এআই আধাৰিত অভিযোগ ব্যৱস্থাই নাগৰিক আৰু চৰকাৰৰ মাজত বিশ্বাস বৃদ্ধি কৰিব বুলি তেওঁ মন্তব্য কৰে।
তেওঁ আৰু কয় যে এই ব্যৱস্থা কেৱল এক প্ৰযুক্তিগত উন্নতি নহয়, বৰঞ্চ নাগৰিক আৰু চৰকাৰৰ মাজৰ সম্পৰ্ক মজবুত কৰাৰ এক গুৰুত্বপূর্ণ পদক্ষেপ। প্ৰতিটো অভিযোগৰ সঠিক বিশ্লেষণ আৰু সময়মতে নিষ্পত্তিৰ জৰিয়তে জনসেৱাৰ মান উন্নত কৰাই চৰকাৰৰ লক্ষ্য।
এই এআই আধাৰিত ব্যৱস্থাটো দিল্লীৰ ডিজিটেল গভৰ্ণেন্স যাত্ৰাত এটা গুৰুত্বপূর্ণ মাইলষ্টোন হিচাপে পৰিগণিত হ’ব আৰু স্বচ্ছ, অন্তৰ্ভুক্তিমূলক আৰু দক্ষ প্ৰশাসনৰ দিশত চৰকাৰৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিব।
