২০২৫ চনৰ ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত নতুন দিল্লীৰ যশোভূমি ইন্টাৰন্যাশনেল কনভেনশ্যন আৰু এক্সপ’ চেণ্টাৰত অনুষ্ঠিত হয় ছেমিকন ইণ্ডিয়া ২০২৫। এইটো কেৱল এখন উদ্যোগিক সন্মিলন নহয়, বৰঞ্চ ভাৰতৰ সেমিকণ্ডাক্টৰ ক্ষেত্ৰত নতুন দিশাৰ ঘোষণা।
BulletsIn
-
ভাৰতৰ দৃষ্টিভংগী – ভাৰত এতিয়া কেৱল প্ৰযুক্তিৰ উপভোক্তা নহয়, উৎপাদক আৰু বিশ্বস্ত অংশীদাৰ হ’বলৈ আগুৱাই গৈছে।
-
বিশাল আয়োজন – ৩০ৰো অধিক দেশ, ৩৫০+ কোম্পানি আৰু ২০,০০০তকৈও অধিক অংশগ্ৰহণকাৰী উপস্থিত।
-
ভাৰতৰ প্ৰথম স্পেচ-ৰেডি চিপ “বিক্ৰম” – ISRO দ্বাৰা নিৰ্মিত ৩২-বিট প্ৰ’চেছৰ, যি উপগ্ৰহ, ৰকেট, ৰক্ষা প্ৰণালী আৰু যানবাহনত ব্যৱহাৰ হ’ব।
-
অসমৰ ভূমিকা – জগীৰ’ডত টাটা OSAT চিপ আৰু NIT শিলচৰ দ্বাৰা নিৰ্মিত নিউৰেল এম্প্লিফায়াৰ ফ্ৰণ্টএণ্ড IC প্রদৰ্শন কৰা হয়।
-
গুজৰাটত উৎপাদন কেন্দ্ৰ – ছানন্দত CG-Semi ৰ নতুন OSAT লাইন স্থাপন কৰা হৈছে, যি ফেব্লেছ ডিজাইন ষ্টাৰ্টআপক সমৰ্থন দিব।
-
সরকাৰী পৰিকল্পনা – DLI আঁচনিৰ অধীনত ২৩টা চিপ ডিজাইন প্ৰকল্প অনুমোদিত, লগতে ₹৭৬,০০০ কোটিৰ PLI প্ৰগ্ৰাম।
-
শিক্ষাগত সহযােগিতা – নিউ ইয়ৰ্কৰ University at Albany আৰু বেংগালৰুৰ Ramaiah University ৰ মাজত সহযােগিতা, ২০২৬ জানুৱাৰীৰ পৰা সেমিকণ্ডাক্টৰ চাৰ্টিফিকেচন কোর্স আৰম্ভ।
-
বিশ্ব পৰিপ্ৰেক্ষিত – তাইৱান (TSMC), দক্ষিণ কোৰিয়া (Samsung), আমেৰিকা (Intel, NVIDIA), ইউৰোপ (Chips Act) – ভাৰত এতিয়া আমদানিৰ ওপৰত নিৰ্ভৰ নহয়, বিকল্প অংশীদাৰ হিচাপে অৱতীৰ্ণ হৈছে।
-
যুৱসমাজৰ বাবে সুযোগ – ফেব্ৰিকেচন, টেষ্টিং, AI, EV আৰু হেল্থকে’ৰ চিপ ষ্টাৰ্টআপত হাজাৰ হাজাৰ চাকৰি আৰু ইণ্টাৰ্নশ্বিপৰ সুযোগ।
-
ভবিষ্যতৰ দিশা – ভাৰত এতিয়া বিশ্বৰ সৰ্ববৃহৎ চিপ আমদানীকাৰীৰ পৰা ৰপ্তানীকাৰী হ’বলৈ আগুৱাই গৈছে। আগন্তুক “ডিজিটেল হীৰা” ভাৰতৰ পৰা জ্বলিব।
