নতুন দিল্লী, ১৭ নৱেম্বৰ (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সহায়ক তথা ৰাছিয়াৰ মেৰিটাইম ব’ৰ্ডৰ অধ্যক্ষ নিকোলাই পাত্ৰুশ্বেভ ভাৰত ভ্ৰমণলৈ আহিছে। আজি তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক সুৰক্ষা সমন্বয়ক ভাইচ এডমিৰেল বিশ্বজিৎ দাসগুপ্তৰ সৈতে আলোচনাত মিলিত হয়।
ৰাছিয়াৰ দূতাবাসে টুইটাৰযোগে এই কথা ঘোষণা কৰিছে। আজি নতুন দিল্লীত সামুদ্ৰিক সহযোগিতাৰ সন্দৰ্ভত ৰাছিয়া-ভাৰতৰ আলোচনা অনুষ্ঠিত হ’ব বুলিও দূতাবাসে অৱগত কৰে। ইফালে, মস্কোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভৰ বৈঠকৰ কথা। এই বৈঠকৰ সময়ত দুয়োপক্ষই দ্বিপাক্ষিক সহযোগিতা, চলি থকা কূটনৈতিক সম্পৰ্ক, আৰু ভাৰত আৰু ৰাছিয়াৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে আগন্তুক ৰাজনৈতিক পদক্ষেপসমূহৰ ব্যাপক পৰ্যালোচনা কৰাৰ আশা কৰা হৈছে। শুকুৰবাৰে টুইটাৰৰ জৰিয়তে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এই বৈঠকৰ কথা ঘোষণা কৰে।
ইয়াত উল্লেখ কৰা হৈছে যে বৈদেশিক মন্ত্ৰী লাভৰভে মস্কোত ভাৰতীয় সমকক্ষ ড০ জয়শংকৰৰ সৈতে সাক্ষাৎ কৰিব। দুয়োগৰাকী মন্ত্ৰীয়ে আগন্তুক ৰাজনৈতিক যোগাযোগ আৰু মূল দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। উল্লেখযোগ্য যে অহা মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ২০২১ চনৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।
हिन्दुस्थान समाचार
