পূব চম্পাৰণ, ২২ জুন (হি.স.)। বিহাৰৰ পূব চম্পাৰণ জিলাৰ অন্তৰ্গত ৰাক্সৌলৰ ভাৰত-নেপাল বন্ধুত্ব দলঙৰ সমীপত নেপাল হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি থকা অৱস্থাত ধৰা পৰিছে এজন ইৰাকী নাগৰিক।
সীমান্তত নিয়মীয়া পৰীক্ষাৰ সময়ত এছ এছ বি জোৱান আৰু হাৰৈয়া আৰক্ষী থানাৰ তৰফৰ পৰা উপৰোক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইৰাকৰ বাগদাদৰ আল-ডোৰাৰ বাসিন্দা বাৰা ফৌজী হামিদ আল বায়াতি নামৰ আটকাধীন ইৰাকী নাগৰিকজন। প্ৰাথমিক তদন্তৰ সময়ত দেখা গ’ল যে তেওঁৰ ভাৰতীয় ভিছাৰ ম্যাদ বহু আগতেই শেষ হৈ গৈছে। ইয়াৰ পিছতো তেওঁ নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।
হাৰৈয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কিষাণ কুমাৰ পাছৱানে কয় যে অভিযুক্তৰ সৈতে কোনো বৈধ ভ্ৰমণ নথি-পত্ৰ পোৱা নগ’ল। বৰ্তমান আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ লগতে নিৰাপত্তা সংস্থাকো অৱগত কৰা হৈছে, যিয়ে তেওঁৰ ভাৰতত প্ৰৱেশৰ উদ্দেশ্যৰ তদন্ত কৰিব।
উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু ভাৰত-নেপাল সীমান্তত বিদেশী নাগৰিকক অবিৰতভাৱে গ্ৰেপ্তাৰ কৰাৰ পিছত এছ এছ বি, স্থানীয় আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহ সজাগ হৈ আছে আৰু সীমান্তত তীক্ষ্ণ নজৰ ৰখা হৈছে। আৰক্ষীৰ মতে, প্ৰয়োজনীয় জেৰাৰ অন্তত ইৰাকী নাগৰিকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
