নতুন দিল্লী, ২৯ ডিছেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশ ৰাজ্যত মাত্ৰ ৬টা বিমানবন্দৰ আছিল আৰু এতিয়া ৯টালৈ বৃদ্ধি পাইছে। শনিবাৰে উদ্বোধন কৰা হ’ব ইয়াৰ দশম বিমানবন্দৰটি। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ আগন্তুক ১০ বছৰৰ লক্ষ্য সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এই মন্তব্য কৰে।
সিন্ধিয়াই কয় যে আমি দেশত ৭৫টা নতুন বিমানবন্দৰ নিৰ্মাণ কৰিছো। যোৱা ৯ বছৰত মুঠ সংখ্যা ১৪৯ লৈ বৃদ্ধি পাইছে আৰু ২০৩০ চনৰ ভিতৰত দেশৰ মুঠ বিমানবন্দৰৰ সংখ্যা ২০০ টা হ’ব।
সিন্ধিয়াই কয় যে অহা বছৰৰ ভিতৰত উত্তৰ প্ৰদেশত আৰু ৯টা বিমানবন্দৰ হ’ব। ইয়াৰ লগে লগে এই সংখ্যা ১৯ হ’ব। তেওঁ কয় যে দুমাহৰ পাছত আজমগড়, আলিগড়, মোৰাদাবাদ, শ্ৰৱস্তি আৰু চিত্ৰকূটত এটাকৈ পাঁচটা বিমানবন্দৰ একেলগে উদ্বোধন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ/ বিৰাঞ্চি সিং/মনোজ
