নতুন দিল্লী, ২৭ ডিছেম্বৰ (হি.স.)। ‘ভাৰত যোগো যাত্ৰা’ৰ পিছত এতিয়া কংগ্ৰেছে ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত ন্যায় যাত্ৰা’ বাহিৰ কৰাৰ কথা ঘোষণা কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে বুধবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই তথ্য প্ৰদান কৰে।
তেওঁ কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত ন্যায় যাত্ৰা’ অহা ১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা আৰম্ভ হ’ব। এই যাত্ৰা ২০ মাৰ্চত মুম্বাইত ইয়াৰ সামৰণি পৰিব। ১৪খন ৰাজ্যৰ মাজেৰে পাৰ হৈ প্ৰায় ৬২০০ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিব। জয়ৰাম ৰমেশে কয় যে ৰাহুল গান্ধীয়ে অৰ্থনৈতিক বৈষম্য, সামাজিক মেৰুকৰণ আৰু ৰাজনৈতিক একনায়কত্ববাদৰ বিষয়টো উত্থাপন কৰিছে। ‘ভাৰত ন্যায় যাত্ৰা’ৰ বিষয়টো হ’ল অৰ্থনৈতিক ন্যায়, সামাজিক ন্যায় আৰু ৰাজনৈতিক ন্যায়।
হিন্দুস্থান সমাচাৰ/আশুতোষ/মনোজ/অৰবিন্দ
