গুৱাহাটী, ২৪ জানুৱাৰী (হি.স.)। গুৱাহাটীত ৪০ কুইণ্টল গাঞ্জাসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আজি লাভ কৰা চৰকাৰী তথ্য অনুসৰি আজি পুৱা গুৱাহাটীৰ বশিষ্ঠ থানা এলেকাৰ বেহাৰবাৰীত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে কেঁচা ৰবৰৰ তলত লুকুৱাই থোৱা গাঞ্জা কঢ়িওৱা এখন ট্ৰাক ৰখোৱা হয়।
এছটিএফৰ মুৰব্বী পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত এছটিএফৰ এটা দলে চুবুৰীয়া ৰাজ্যখনৰ পৰা উত্তৰ দিশলৈ লৈ যোৱা নিষিদ্ধ সামগ্ৰী জব্দ কৰে। অনুসন্ধানৰ সময়ত উদ্ধাৰ হৈছে ৪০ কুইণ্টল গাঞ্জা।
জব্দ কৰা গাঞ্জাৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা বুলি অনুমান কৰা হৈছে। এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে দুজন ব্যক্তি। ধৃত লোক দুজনৰ নাম ৰাজু শৰ্মা (৪৬) আৰু বিশ্বজিৎ দাস (২৯)। প্ৰয়োজনীয় আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ / অৰবিন্দ/মনোজ
