নতুন দিল্লী, ১১ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াত বাবা খৰক সিং মাৰ্গত সাংসদসকলৰ বাবে নিৰ্মাণ কৰা ১৮৪টা নতুন টাইপ-VII বহুমহলীয়া ফ্লেট উদ্বোধন কৰে । তেওঁ ইয়াক সাংসদসকলৰ জীৱন-যাপনৰ সুবিধা উন্নত কৰাৰ লগতে চৰকাৰী ব্যয় হ্ৰাস কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। এই কমপ্লেক্সত চাৰিটা টাৱাৰ আছে। ইয়াৰ নাম দেশৰ প্ৰধান নদী কৃষ্ণা, গোদাবৰী, কোছি আৰু হুঘলীৰ আধাৰত।
ইয়াৰ বাবে আয়োজন কৰা এক কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ কৰ্তব্য পথত কেন্দ্ৰীয় সচিবালয় ‘কৰ্তব্য ভৱন’ উদ্বোধন কৰা হৈছে আৰু এতিয়া সাংসদসকলৰ বাবে এই নতুন গৃহ নিৰ্মাণ কমপ্লেক্স প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে টাৱাৰসমূহৰ নাম নদীৰ নামেৰে ৰখাৰ পৰম্পৰাই দেশৰ ঐক্য শক্তিশালী কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ঘৰৰ জৰিয়তে পুৰণি সাংসদ ভৱনৰ জৰাজীৰ্ণ অৱস্থাৰ পৰা সকাহ পাব। ইয়াৰ পূৰ্বে সাংসদসকলে বাৰে বাৰে গৃহ নিৰ্মাণ সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এতিয়া এইবোৰ সমস্যাৰ পৰা মুক্ত হৈ জনসাধাৰণৰ সমস্যা সমাধানত অধিক সময় আৰু শক্তি খৰচ কৰিব পাৰিব।
তেওঁ কয় যে এই প্ৰকল্পই দিল্লীত গৃহ আবণ্টনৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে সাংসদ হোৱা অসুবিধাসমূহো দূৰ কৰিব। এই বহুমহলীয়া অট্টালিকাসমূহত ১৮০ জনতকৈ অধিক সাংসদে একেলগে থাকিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে আগতে বহু মন্ত্ৰালয় ভাড়াতীয়া অট্টালিকাত চলিছিল, য’ত প্ৰতি বছৰে প্ৰায় ১৫০০ কোটি টকা খৰচ হৈছিল। সাংসদ গৃহৰ অভাৱত চৰকাৰী ব্যয়ও বৃদ্ধি পাইছিল।
প্ৰধানমন্ত্ৰীয়ে কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে লোকসভাৰ সাংসদসকলৰ বাবে এটাও নতুন ঘৰ নিৰ্মাণ কৰা হোৱা নাছিল, আনহাতে ২০১৪ চনৰ পিছত মিছন মোডত গ্ৰহণ কৰা হৈছিল। এই ফ্লেটকে ধৰি এতিয়ালৈকে প্ৰায় ৩৫০টা সাংসদ গৃহ নিৰ্মাণ কৰা হৈছে, যাৰ ফলত জনসাধাৰণৰ ধন ৰাহি হৈছে। তেওঁ এই নিৰ্মাণৰ লগত জড়িত অভিযন্তা আৰু শ্ৰমিকসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰে।
তেওঁ কয় যে এই ঘৰসমূহত বহনক্ষম উন্নয়নৰ মানদণ্ড মানি চলিছে আৰু এই কমপ্লেক্স স্বচ্ছতাৰ প্ৰতীক আৰু এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব। প্ৰধানমন্ত্ৰীয়ে সাংসদ সকলক কেম্পাছত স্বচ্ছতা প্ৰতিযোগিতা আৰু বিভিন্ন ৰাজ্যৰ উৎসৱৰ সামূহিক উদযাপনৰ আয়োজন কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
