– পাকিস্তানৰ বিৰুদ্ধে ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰত প্ৰধানমন্ত্ৰীয়ে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ কথা উল্লেখ কৰে
নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। দেশৰ মূল স্বাধীনতা দিৱস উদযাপনৰ সমান্তৰালকৈ লালকিল্লাৰ প্ৰাচীৰৰ পৰা পাকিস্তানৰ বিৰুদ্ধে সামৰিক বাহিনীৰ অপাৰেচন ‘সিন্দুৰ’ৰ সফলতাৰ এক বিশেষ উদযাপন কৰা হয়। এই অপাৰেচনৰ আধাৰতেই পুষ্প সজ্জাও কৰা হৈছিল। বায়ুসেনাৰ দুখন হেলিকপ্টাৰৰ পৰা পুষ্প বৃষ্টিৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত অপাৰেচন ‘সিন্দুৰ’ৰ সময়ত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ কথা উল্লেখ কৰে।
আজি পুৱা প্ৰথমে ৰাজঘাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰী পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত তেওঁৰ কনভয় লালকিল্লাত উপস্থিত হয় আৰু তাতেই তেওঁক আদৰণি জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেঠ আৰু প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে। ইয়াৰ পিছত প্ৰতিৰক্ষা সচিবে দিল্লী অঞ্চলৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জি অ’ চি) লেফটেনেণ্ট জেনেৰেল ভৱনীশ কুমাৰক প্ৰধানমন্ত্ৰীৰ সৈতে চিনাকি কৰাই দিয়ে। জিঅ’চি দিল্লী এৰিয়াই প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে চেলুটিং মঞ্চলৈ লৈ যায় য’ত আন্তঃসেৱা আৰু দিল্লী আৰক্ষী গাৰ্ডৰ যৌথ দলে প্ৰধানমন্ত্ৰীক চেলুট কৰে। প্ৰধানমন্ত্ৰীৰ বাবে গাৰ্ড অৱ অনাৰ দলটোত সেনা, নৌসেনা, বায়ুসেনা আৰু দিল্লী আৰক্ষীৰ ২৪ জনকৈ জোৱান আছিল।
ভাৰতীয় বায়ুসেনাই এইবাৰ স্বাধীনতা দিৱস উদযাপনৰ সমন্বয় সাধন কৰে। গাৰ্ড অৱ অনাৰৰ কমাণ্ডাৰ আছিল উইং কমাণ্ডাৰ এ এছ চেখন। প্ৰধানমন্ত্ৰী গাৰ্ডত থকা সেনা দলটোৰ কমাণ্ডাৰ আছিল মেজৰ অৰ্জুন সিং, নৌসেনাৰ দলটোৰ কমাণ্ডাৰ আছিল লেফটেনেণ্ট কমাণ্ডাৰ কোমলদ্বীপ সিং আৰু বায়ুসেনাৰ দলটোৰ কমাণ্ডাৰ আছিল স্কোয়াড্ৰন নেতা ৰাজন অৰোৰা। দিল্লী আৰক্ষীৰ দলটোৰ কমাণ্ডাৰ আছিল অতিৰিক্ত ডিচিপি ৰোহিত ৰাজবীৰ সিঙে। গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লালকিল্লাৰ প্ৰাচীৰলৈ আগবাঢ়ি যায় আৰু তাতেই তেওঁক আদৰণি জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেঠ, সেনা মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী আৰু এয়াৰ ষ্টাফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে।
ইয়াৰ পাছতে দিল্লী এলেকাৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জি অ’ চি) লেফটেনেণ্ট জেনেৰেল ভৱনীশ কুমাৰে প্রধানমন্ত্রীক ৰাষ্ট্রীয় পতাকা উত্তোলন কৰাৰ বাবে প্রাচীৰৰ থকা মঞ্চত লৈ যায় ৷ তাত উপস্থিত থকা ফ্লায়িং অফিচাৰ ৰশিকা শৰ্মাই প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰীয় পতাকা উত্তোলনত সহায় কৰে। একে সময়তে ১৭২১ চনৰ ফিল্ড বেটাৰী (Ceremonial)ৰ সাহসী বীৰসকলে ২১ বন্দুকৰ চেলুট দিলে। মেজৰ পৱন সিং শ্বেখাৱাটে থলুৱা ১০৫ মিমি লাইট ফিল্ড গান ব্যৱহাৰ কৰি এই আনুষ্ঠানিক বেটাৰীৰ কমাণ্ড লৈছিল। পতাকা উত্তোলনৰ অন্তত সেনা, নৌসেনা, বায়ুসেনা আৰু দিল্লী আৰক্ষীৰ ১২৮ জন জোৱানে ত্ৰিৰংগাক ‘ৰাষ্ট্ৰীয় চেলুট’ প্ৰদান কৰে। এই ইন্টাৰ চাৰ্ভিচ গাৰ্ড আৰু পুলিচ গাৰ্ডৰ কমাণ্ড লৈছিল উইং কমাণ্ডাৰ তৰুণ ডাগৰে।
নেচনেল ফ্লেগ গাৰ্ডত সেনাবাহিনীৰ দলটোৰ কমাণ্ডাৰ আছিল মেজৰ প্ৰকাশ সিং, নৌসেনাৰ দলটোৰ কমাণ্ডাৰ আছিল লেফটেনেণ্ট কমাণ্ডাৰ মহম্মদ পাৰভেজ আৰু বায়ুসেনাৰ দলটোৰ কমাণ্ডাৰ আছিল স্কোয়াড্ৰন লিডাৰ ভি ভি শৰাভান। দিল্লী আৰক্ষীৰ দলটোৰ কমাণ্ডাৰ আছিল অতিৰিক্ত ডিচিপি অভিমন্যু পছৱাল। ‘ৰাষ্ট্ৰীয় চেলুট’ৰ সময়ত বায়ুসেনাৰ বেণ্ডটোৱে কনিষ্ঠ ৱাৰেণ্ট অফিচাৰ এম ডেকাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বজাইছিল। এইবাৰ প্ৰথমবাৰৰ বাবে ১১ জন অগ্নিবীৰ এয়াৰ মিউজিচিয়ানেও জাতীয় সংগীত বজাই বেণ্ডটোৰ অংশ হিচাপে অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ দুখন এম আই-১৭ হেলিকপ্টাৰে সভাস্থলীত ৰাষ্ট্ৰীয় পতাকা লৈ পুষ্প বৃষ্টি কৰে। এই হেলিকপ্টাৰসমূহৰ অধিনায়ক আছিল উইং কমাণ্ডাৰ বিনয় পুনিয়া আৰু উইং কমাণ্ডাৰ আদিত্য জয়ছোৱাল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
