গুৱাহাটী, ০৯ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত যুৱক-যুৱতীসকলক নিযুক্তি দিয়াৰ দিশত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য অনুসৰি ভাৰতীয় ৰেলৱেৰ ৰে’লৱে নিযুক্তি বোৰ্ডে যোৱা এবছৰত সমগ্ৰ দেশত ১.৫ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছে। দেশৰ ৰেলৱে সংমণ্ডল সমূহত খালী হৈ থকা বিভিন্ন পদত এই নিযুক্তি প্ৰদান কৰা হৈছে।
২০১৪ চনৰ পৰা আজিলৈকে ভাৰতীয় ৰেলৱেৰ সমগ্ৰতে ৫ লাখৰ অভিলেখ নিযুক্তি প্ৰদান কৰা হৈছে। বিভিন্ন শ্ৰেণীত এই নিযুক্তিসমূহ প্ৰদান কৰা হয়, যেনে: মেকানিকেল, ইলেকট্ৰিকেল, চিভিল, চিগনেল আৰু টেলিকমিউনিকেচন আদি বিভিন্ন বিভাগত সহকাৰী লোকো পাইলট, ষ্টেচন মাষ্টৰ, ট্ৰেইন মেনেজাৰ, কনিষ্ঠ অভিযন্তা, টেকনিচিয়ান, কমাৰ্চিয়েল ক্লাৰ্ক, ট্ৰেক মেইন্টেইনাৰ, পইণ্টমেন, সহায়ক পদ ইত্যাদি।
এই নিযুক্তিসমূহ কম্পিউটাৰ – আধাৰিত পৰীক্ষাৰ জৰিয়তে অনলাইনত অনুষ্ঠিত কৰা হৈছিল। ডিচেম্বৰ, ২০২০ ৰ পৰা জুলাই, ২০২১-ৰ ভিতৰত অনুষ্ঠিত হোৱা ৰেলৱেৰ পৰীক্ষাসমূহত অভিলেখ সংখ্যক ২.৩৭ কোটি প্ৰাৰ্থীয়ে (অ-কাৰিকৰীৰ বাবে ১.২৬ কোটি আৰু আৰআৰচি গ্ৰুপ – ডিৰ বাবে ১.১১ কোটি) অৱতীৰ্ণ হয়।
গড়ে ১ কিলোমিটাৰ ট্ৰেক নিৰ্মাণৰ বাবে বছৰি প্ৰায় ৩৩,০০০ মানৱ দিনৰ নিয়োগ সৃষ্টি হয়। ইয়াৰ ফলত প্ৰতি কিমিত প্ৰতিদিনে ৯০.৪১ জন কৈ মানৱ দিৱস সৃজন হয়। যোৱা এবছৰত ভাৰতীয় ৰে’লৱেৰ অন্তৰ্গত ৫,৬০০ কিলোমিটাৰ ট্ৰেক নিৰ্মাণ কৰা হৈছিল। সেয়েহে, প্ৰতিদিনে সৃষ্টি হোৱা মুঠ মানৱ দিৱস হৈছে ৫ লাখতকৈ অধিক। ইয়াৰ উপৰিও, নিযুক্তি সৃষ্টিৰ বাবে, ভাৰতীয় ৰে’লৱেই ওএইচই, চিগনেলিং, পিইউ আৰু পিএছইউ, ষ্টেচন পুনৰ্বিকাশৰ কাম আদিৰ দৰে বিশাল পৰিসৰৰ আন্তঃগাঁথনিমূলক কাম কৰি আহিছে। ই যোৱা এবছৰত সহযোগী ফিডাৰৰ অৰ্থনৈতিক খণ্ডত প্ৰায় ৩৫ লাখ চাকৰি সৃষ্টি কৰিছে।
২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতীয় ৰে’লৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২.৬ লাখ কোটি টকাৰ মূলধন আৱণ্টন কৰা হৈছে। ১০২৮৮১ কোটি টকাৰ তুলনাত (ছেপ্টেম্বৰ, ২০২২ লৈকে বিজিৰ ৪৩%) ছেপ্টেম্বৰ, ২০২৩ লৈকে ব্যয় হৈছে ১৫০৪৪৪ কোটি টকা (বিজিৰ ৫৮%) অৰ্থাৎ যোৱা বছৰৰ তুলনাত এয়া ৪৬% বৃদ্ধি। ই ভাৰতীয় ৰেলৱেত নিযুক্তি সৃষ্টিত সহায় কৰিছে।
হিন্দুস্থান সমাচাৰ/ অৰৱিন্দ/মনোজ
