নতুন দিল্লী, ১২ জুলাই (হি.স.)। ঐতিহাসিক মাৰাঠা সামৰিক দৃশ্যপট ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ লগে লগে ই স্বীকৃতি লাভ কৰা ভাৰতৰ ৪৪তম সম্পত্তি হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে পেৰিছত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ ৪৭ সংখ্যক অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিশ্বজনীন সন্মান ভাৰতৰ চিৰস্থায়ী সাংস্কৃতিক ঐতিহ্য অৱলোকনৰ প্ৰতীক। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছে এই ঐতিহাসিক সাফল্যৰ প্ৰশংসা কৰে আৰু ভাৰতবাসীক ইয়াৰ বাবে অভিনন্দন জনায়।
ভাৰতৰ মাৰাঠা সামৰিক দৃশ্যপট
মাৰাঠা সামৰিক দৃশ্যপট হৈছে ১২টা দুৰ্গ আৰু দুৰ্গৰ নেটৱৰ্ক, যিয়ে ১৭-১৯ শতিকাৰ মাৰাঠা শাসকসকলৰ অসাধাৰণ সামৰিক ব্যৱস্থা আৰু কৌশলক প্ৰতিনিধিত্ব কৰে। মহাৰাষ্ট্ৰৰ ৩৯০টাতকৈও অধিক দুৰ্গৰ ভিতৰত এই মনোনয়নৰ অধীনত মাত্ৰ ১২টাহে নিৰ্বাচিত হৈছিল। মাৰাঠা সামৰিক দৃশ্যপটত ১২টা দুৰ্গ আছে। ইয়াৰ ভিতৰত আছে ছালহেৰ দুৰ্গ, শিৱনেৰী দুৰ্গ, লোহগাড, খাণ্ডেৰী দুৰ্গ, ৰায়গদ, ৰাজগড, প্ৰতাপগড, সোৱৰ্ণদুৰ্গ, পানহলা দুৰ্গ, বিজয় দুৰ্গ, সিন্ধুদুৰ্গ আৰু জিংগী দুৰ্গ। ইয়াৰে আঠটা দুৰ্গ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (এএছআই)ৰ দ্বাৰা সংৰক্ষিত, বাকী চাৰিটা মহাৰাষ্ট্ৰ চৰকাৰৰ পুৰাতত্ত্ব আৰু সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
