বিটিআৰৰ ফুটবলৰ প্ৰসংগৰে বিটিআৰত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ কথা ক’লে প্ৰধানমন্ত্ৰীয়ে
গুৱাহাটী, ২৯ জুন (হি.স.)। প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কি বাত’ত উত্থাপিত হয় বিটিআৰৰ প্ৰসংগ। ‘মন কি বাত’ত অসমৰ সফলতাৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বড়োলেণ্ডলৈ উভতি অহা শান্তি আৰু সমন্বয়ৰ কথাৰ বিষয়েও উল্লেখ কৰে প্রধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমৰ বড়োলেণ্ডত ক্ৰীড়াৰ পৰিৱৰ্তনশীল যাত্ৰাক লৈ আলোকপাত কৰে। তেওঁ বড়োলেণ্ডৰ চি ই এম কাপৰ এখন জীয়া ছবি অংকন কৰে। এই ফুটবল প্ৰতিযোগিতাখন ঐক্য আৰু আশাৰ উদযাপনত পৰিণত হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘৩,৭০০ৰো অধিক দল আৰু প্ৰায় ৭০,০০০ অংশগ্ৰহণকাৰীক আকৰ্ষণ কৰিছে এই প্ৰতিযোগিতাখনে।’’ মোদীয়ে কয়, ‘‘এখন এখন ছবি কল্পনা কৰক। পুৱাৰ ৰ’দে পাহাৰবোৰ স্পৰ্শ কৰিছে, পোহৰ লাহে লাহে সমভূমিৰ ফালে আগবাঢ়িছে আৰু সেই পোহৰৰ লগে-লগে ফুটবলপ্ৰেমীৰ দল এটা আগবাঢ়িছে। হুইচেল বাজিছে আৰু কেইমুহূৰ্তমানৰ ভিতৰতে বাঢ়ি আহিছে হাতচাপৰি আৰু শ্লোগানৰ প্ৰতিধ্বনি। প্ৰতিটো পাছৰ লগে লগে, প্ৰতিটো গ’লৰ লগে লগে মানুহৰ উৎসাহ বাঢ়িছে। আপুনি নিশ্চয় ভাবিছে… সেইখন কি সুন্দৰ পৃথিৱী!’’
তেওঁ লগতে কয়, ‘‘বড়োলেণ্ডে ফুটবল খেলপথাৰত নিজৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু আত্মবিশ্বাস প্ৰদৰ্শন কৰি এক নতুন পৰিচয় লৈ আত্মপ্ৰকাশ কৰিছে। এই ছবিখন অসমৰ এটা ডাঙৰ অঞ্চল বড়োলেণ্ডৰ বাস্তৱ। বড়োলেণ্ড আজি দেশত এক নতুন মুখ, নতুন পৰিচয়েৰে থিয় দিছে। ইয়াৰ যুৱক-যুৱতীসকলৰ যি শক্তি আৰু আত্মবিশ্বাস আছে, সেয়া ফুটবল খেলপথাৰত আটাইতকৈ বেছি দেখা যায়। বড়ো টেৰিটৰিয়েল এৰিয়াত বড়োলেণ্ড চি ই এম কাপৰ আয়োজন কৰা হৈছে। এয়া কেৱল প্ৰতিযোগিতা নহয়, ই একতা আৰু আশাৰ উদযাপন হৈ পৰিছে।’
মোদীয়ে লগতে কয়, ‘‘এই প্ৰতিযোগিতাখনে যুৱ প্ৰতিভাক জিলিকি উঠাৰ মঞ্চ প্ৰদান কৰিছে। হলীচৰণ নাৰ্জাৰী, দুৰ্গা বড়ো, অপূৰ্ব নাৰ্জাৰী আৰু মনবীৰ বসুমতাৰীৰ দৰে খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্থান দখল কৰিছে। এটা সময় আছিল যেতিয়া সংগ্ৰাম নিজেই আছিল এই ঠাইখনৰ পৰিচয়। তেতিয়া ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে বাট-পথ সীমিত আছিল। কিন্তু আজি তেওঁলোকৰ চকুত নতুন সপোন আৰু হৃদয়ত আত্মনিৰ্ভৰশীলতাৰ সাহস। ইয়াৰ পৰা ওলোৱা ফুটবল খেলুৱৈসকলে এতিয়া উচ্চ পৰ্যায়ত নিজৰ নাম উজলাই তুলিছে। কেৱল ফুটবল খেলুৱৈৰ নামেই নহয়, সেইবোৰেই সেই নতুন প্ৰজন্মৰ পৰিচয় যিয়ে বড়োলেণ্ডক খেলপথাৰৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ আগবঢ়াই নিছে।’’
পিএম মোদীয়ে কয়, ‘‘তেওঁলোকৰ বহুতেই সীমিত সম্পদেৰে অনুশীলন কৰিছিল। বহুতে কঠিন পৰিস্থিতিৰ মাজেৰে নিজৰ পথ গঢ়ি তুলিছিল আৰু আজি দেশৰ বহু সৰু ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ নামৰ পৰা অনুপ্ৰাণিত হৈ নিজৰ সপোনক সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। যদি আমি আমাৰ সামৰ্থ বৃদ্ধি কৰিব লাগে, তেন্তে প্ৰথমে আমি আমাৰ ফিটনেছ আৰু সুস্থতাৰ ওপৰত গুৰুত্ব দিব লাগিব।’’
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
