ইম্ফল, ২২ জুন (হি.স.)। মণিপুৰত নিৰাপত্তা বাহিনীয়ে বিদ্ৰোহ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে। এই কাৰ্যত এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী, বিস্ফোৰক আৰু যোগাযোগৰ সামগ্ৰী জব্দ কৰা হৈছে।
আৰক্ষীয়ে ইম্ফল পশ্চিম জিলাৰ মায়ং ইম্ফল থানা মামাং থনখং অঞ্চলৰ পৰা নিষিদ্ধ সংগঠন কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (পিপলছ ৱাৰ গ্ৰুপ)ৰ কেডাৰ য়াংগলেম সদানন্দ সিং (২৬)ক গ্ৰেপ্তাৰ কৰে। তেওঁ মায়ং ইম্ফল থানা ৱাংখাই লেইকাইৰ বাসিন্দা। তেওঁৰ পৰা পঞ্জীয়ন নম্বৰ নথকা এখন বাইক, চিম থকা মোবাইল ফোন আৰু ১৯ কেচিপি (পিডব্লিউজি)ৰ দাবী পত্ৰ উদ্ধাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত বিভিন্ন স্পৰ্শকাতৰ এলেকাত সমন্বিত তালাচী অভিযান আৰম্ভ কৰা হয়।
ইম্ফল পূৱ জিলাৰ ইয়াংগাংপকপি থানা এলেকাৰ অন্তৰ্গত মাইফুং-ছানাছাবি পাহাৰীয়া অঞ্চলৰ পৰা নিৰাপত্তাৰক্ষীয়ে এটা বাইপড মাউণ্টেড .৩০৩ ৰাইফল, সাতটা লাইভ ৰাউণ্ড, দুটা গধুৰ কেলিবাৰ মৰ্টাৰ, ২০টা মৰ্টাৰ বোমা, দুটা বাৰ্মিজ আই ই ডি, চাৰিটা বাওফেং ৰেডিঅ’ চেট, তিনিটা লাইভ কাৰ্টিজৰ সৈতে এটা পিষ্টল, ৭.৬২ মিমিৰ ২০ ৰাউণ্ড, সাতটা নং ৩৬ হেণ্ড গ্ৰেনেড, তিনিটা অ’ ৰিং গ্ৰেনেড, পাঁচটা নং ৮ ডব্লিউ পি গ্ৰেনেড, দুটা বুলেটপ্ৰুফ জেকেট (এটা প্লেটযুক্ত), এটা হেলমেট, এটা পাউচ আৰু এযোৰ জংঘল জোতা উদ্ধাৰ কৰে।
একেখন জিলাৰ লামলাই থানাৰ অন্তৰ্গত চিংখাই চিং ফাকনুং গাঁৱৰ পাদদেশৰ পৰা এটা ইনছাছ এল এম জি আৰু মেগজিন, এটা ইনছাছ ৰাইফল, দুটা এছ এল আৰ ৰাইফল, এটা স্নাইপাৰ ৰাইফল, এটা .৩২ পিষ্টল আৰু মেগজিন, বৃহৎ পৰিমাণৰ বিভিন্ন কেলিবাৰৰ কাৰ্টিজ, খালী কাৰ্টিজৰ শ্বেল, তিনিটা চাৰ্জাৰ ক্লিপ, ৩৭টা খালী .৩০৩ কাৰ্টিজ, চাৰিটা টিয়াৰ স্মোক শ্বেল, এটা ৰবৰৰ গুলী, দুটা বুলেটপ্ৰুফ জেকেট, চাৰিটা বুলেটপ্ৰুফ প্লেট আৰু তিনিটা হেলমেট উদ্ধাৰ কৰা হৈছে।
কাকচিং জিলাৰ আৰোং নংমাখং থানা এলেকাৰ অন্তৰ্গত নোংমাখং মাখা লেইকাই হিল ৰেঞ্জৰ পৰা এটা এছ এম জি কাৰবাইন, এটা এ কে-৪৭ ৰাইফল, দুটা চিংগল বেৰেল গান, এটা মডিফাইড ৯ এম এম পিষ্টল, প্ৰায় ২-২ কিলোগ্ৰামকৈ ওজনৰ তিনিটা আই ই ডি, এটা স্কোপ লেন্স, টিউব লঞ্চাৰ, এটা এইচ ই গ্ৰেনেড (ডিটনেটৰবিহীন), ছটা ৰবৰৰ গুলী, আঠটা তাঁৰৰ ডিটনেটৰ, দহটা পি ই কে বিস্ফোৰক পেকেট আৰু বিভিন্ন ধৰণৰ জীৱন্ত আৰু খৰচী কাৰ্টিজ উদ্ধাৰ কৰা হয় । লগতে এটা স্কুল বেগ, এটা বস্তা আৰু কেমফ্লেজ বডি গিয়াৰ উদ্ধাৰ কৰা হৈছে।
থৌবাল জিলাৰ য়াৰিপক থানাৰ গ্ৱোৱাৰক মাহাদেৱৰ তলৰ পাদদেশৰ পৰা এটা এছ এল আৰ ৰাইফল, এছ এম জি কাৰ্বাইন, ৯ মিমি পিষ্টল, তিনিটা এইচ ই হেণ্ড গ্ৰেনেড, .৩০৩, ৫.৫৬ মিমি, ৫.৫৬x৩০ মিমি, ৯ মিমি আৰু ৭.৬২ মিমিৰ লাইভ কাৰ্টিজ, ডিটনেটৰ, আৰ্মিং ৰিং, টিউব লঞ্চাৰ, হেলমেট, ৰবৰৰ গুলী আৰু বেতাঁৰ যোগাযোগ সঁজুলি উদ্ধাৰ কৰা হৈছে।
এই ধাৰাবাহিক বৃহৎ উদ্ধাৰৰ ঘটনাই ৰাজ্যখনত সক্ৰিয় উগ্ৰপন্থী সংগঠনসমূহে সৃষ্টি কৰা গুৰুতৰ প্ৰত্যাহ্বানৰ কথা পোহৰলৈ আনিছে। বিষয়াসকলে জনোৱা মতে, তালাচী অভিযান এতিয়াও চলি আছে আৰু স্পৰ্শকাতৰ অঞ্চলত হিংসা ৰোধ আৰু শান্তি বজাই ৰাখিবলৈ হাই এলাৰ্ট ঘোষণা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
