ইম্ফল (মণিপুৰ), ১৫ ডিছেম্বৰ (হি.স.)। মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনৰ পূব থৌবল আৰু কাকচিং জিলাত আইন উলংঘন সন্দৰ্ভত ২১১ জন লোকক আটক কৰিছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ২৮৪ খন বাহন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে ২নং ৰাষ্ট্ৰীয় ঘাইপথত ১৭৮ খন বাহনৰ চলাচল নিশ্চিত কৰা হৈছে।
ইফালে স্পৰ্শকাতৰ এলেকাসমূহত যানবাহন আৰু নিৰাপত্তা বাহিনীৰ বাধাহীন আৰু সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ বাবে সকলো স্পৰ্শকাতৰ স্থানত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু ভৈয়াম উপত্যকা অঞ্চল সমূহত প্ৰায় ১৪২ টা চেকপইণ্ট আৰু চেক-পোষ্ট স্থাপন কৰা হৈছে বুলি আৰক্ষীয়ে আজি জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
