–প্ৰধানমন্ত্ৰী মোডীৰ ভূমিকম্পৰ ফলত হোৱা ধ্বংসযজ্ঞত দুঃখ প্ৰকাশ
নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালত ভূমিকম্পৰ ফলত প্ৰাণ আৰু সম্পত্তি বিনষ্ট হোৱাৰ ঘটনাত দুঃখ প্ৰকাশ কৰিছে। তেওঁ কয়, ভাৰতে নেপালক সকলো ধৰণৰ সাহায্য আগবঢ়াবলৈ সাজু।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত নেপালৰ জনসাধাৰণৰ সৈতে একত্ৰিত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
হিন্দুস্থান সমাচাৰ/সুশীল/অৰৱিন্দ/মনোজ
