নতুন দিল্লী, ২৬ নৱেম্বৰ (হি.স.)। শীঘ্ৰে বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা নিশ্চিত কৰি কয় যে বৰ্তমান দুয়োপক্ষই আলোচনাৰ বাবে প্ৰস্তুতি চলাই আছে।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি কয় যে দুয়োপক্ষৰ পৰা প্ৰস্তুতি চলি আছে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত দিল্লীত ৰাছিয়া আৰু ভাৰতৰ মাজত ২৩ সংখ্যক বাৰ্ষিক সন্মিলন অনুষ্ঠিত হোৱাৰ কথা। নিৰ্ধাৰিত তাৰিখ আৰু স্থান সম্পৰ্কীয় তথ্য অতি সোনকালে শ্বেয়াৰ কৰা হ’ব।
উল্লেখযোগ্য যে ভাৰত আৰু ৰাছিয়াৰ বাৰ্ষিক শীৰ্ষ সন্মিলন প্ৰতি বছৰে ভাৰতত আৰু পিছৰ বছৰ ৰাছিয়াত অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ২০২১ চনত ভাৰত ভ্ৰমণ কৰিব পৰা নাছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী।ইউক্ৰেইনৰ সংঘাতৰ মাজতে তেওঁৰ ভাৰত ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
