খুন্টি (ঝাৰখণ্ড), ১৫ নৱেম্বৰ (হি.স.)। ভগৱান বীৰছা মুণ্ডাৰ জন্মস্থান উলিহাতুত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁ প্ৰথমে ভূমি পুত্ৰ (ধৰতী আবা)ক প্ৰণিপাত জনাইছিল। বীৰছা ওদাত মানুহে তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ স্থানৰ পৰা মাটিৰ তিলক ধাৰণ কৰে। বীৰছা মুণ্ডাৰ পৰিনাতি সুখৰাম মুণ্ডা আৰু অন্যান্য আত্মীয়ক সাক্ষাৎ কৰে।
ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা সভাত অংশ লয় আৰু ভূমি পুত্ৰ ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী (জনজাতি গৌৰৱ দিৱস)ত তেওঁৰ ভূমিৰ পৰা ‘বিকাশ ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰে, যিটো অহা বছৰৰ ২৬ জানুৱাৰীলৈকে চলিব। এই সময়ত তেওঁ ৭২০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে ২৪ হাজাৰ কোটি টকাৰ পিভিটিজি মিছনৰ চুটি ছবি আৰু পৰ্টেল মুকলি কৰে। ইয়াৰ উপৰিও ৮ কোটি হিতাধিকাৰীক প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ১৫ তম কিস্তি হিচাপে ১৮ হাজাৰ কোটি টকা মুকলি কৰি দিয়া হয়।
হিন্দুস্থান সমাচাৰ/অনিল/মনোজ
