• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > বিজেপিৰ সাংসদ খগেন মুৰ্মু আৰু বিধায়ক শংকৰ ঘোষক আক্ৰমণ কৰা দুজনক গ্ৰেপ্তাৰ
National

বিজেপিৰ সাংসদ খগেন মুৰ্মু আৰু বিধায়ক শংকৰ ঘোষক আক্ৰমণ কৰা দুজনক গ্ৰেপ্তাৰ

CliQ INDIA
Last updated: October 9, 2025 11:20 pm
CliQ INDIA
Share
3 Min Read
SHARE
गिरफ्तार आरोपित

কলকাতা, ০৯ অক্টোবৰ (হি.স.)। পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ নগৰকাটা অঞ্চলত বিজেপিৰ সাংসদ খগেন মুৰ্মু আৰু শিলিগুৰি বিধায়ক শংকৰ ঘোষৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত দুজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই আক্ৰমণৰ সৈতে জড়িত এইটোৱেই প্ৰথম পদক্ষেপ। আৰক্ষীয়ে জনোৱা মতে, ধৃত অভিযুক্ত দুজনৰ নাম আকমৰাল হক আৰু গোবিন্দ শৰ্মা। এজন অভিযুক্তক নগৰকাটাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আনজন জয়গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে সংঘটিত হোৱা শিলগুটি নিক্ষেপ আৰু আক্ৰমণত দুয়োজনেই জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰ আহমেদে বৃহস্পতিবাৰে পুৱা দুয়োজনক গ্ৰেপ্তাৰ কৰা বুলি নিশ্চিত কৰে। তেওঁ উল্লেখ কৰে যে বাকী ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্ত অব্যাহত আছে। সোমবাৰে বিজেপিৰ সাংসদ খগেন মুৰ্মু আৰু বিধায়ক শংকৰ ঘোষে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি সাহায্যৰ কামৰ পৰ্যালোচনা কৰিছিল। অভিযোগ অনুসৰি তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত লোকসকলে শিলগুটিৰে আক্ৰমণ কৰে। এই আক্ৰমণৰ বাবে শাসকীয় তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰিছে বিজেপিয়ে।

বিজেপিৰ মুখপাত্ৰ অমিত মালৱ্য়ই টুইটাৰযোগে লিখিছে, বংগত টিএমচিৰ জংঘলৰাজৰ শিখৰত উপনীত হৈছে। আমাৰ জ্যেষ্ঠ জনজাতীয় নেতা তথা দুবাৰৰ সাংসদ খগেন মুৰ্মুক বানাক্ৰান্তক সহায় কৰিবলৈ গৈ থকা অৱস্থাত আক্ৰমণ কৰা হৈছিল। এই ঘটনা ৰাজ্যখনৰ ভয়াবহ আইন-শৃংখলা পৰিস্থিতিৰ উদাহৰণ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই আক্ৰমণক গৰিহণা দি ইয়াক “নিন্দনীয়” বুলি অভিহিত কৰি কয় যে “ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি অত্যন্ত কৰুণ”। প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ দলৰ সহযোগী-সাংসদ-বিধায়কসকলৰ ওপৰত কৰা আক্ৰমণে দেখুৱাইছে যে টিএমচি চৰকাৰে জনসাধাৰণৰ সেৱা আগবঢ়োৱাসকলৰ বিৰুদ্ধে কেনেদৰে হিংসাৰ আশ্ৰয় লৈছে। মই ৰাজ্য চৰকাৰক আহ্বান জনাইছো যে হিংসা পৰিত্যাগ কৰি সাহায্যৰ কামত মনোনিৱেশ কৰক।

ইফালে, মঙলবাৰে শিলিগুৰিৰ এখন ব্যক্তিগত চিকিৎসালয়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মালদা উত্তৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সাংসদ খগেন মুৰ্মুক সাক্ষাৎ কৰে। মালদা উত্তৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা মুৰ্মু বৰ্তমান চিকিৎসাধীন হৈ আছে। মুখ্যমন্ত্রীয়ে চিকিৎসকৰ পৰা তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰি ৰাজ্য চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে৷ মমতা বেনাৰ্জীয়ে কয় যে, মই সকলো তথ্য লৈছো। তেওঁৰ শৰ্কৰাৰ মাত্ৰা অতি উচ্চ আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।

ইফালে মঙলবাৰে বিজেপিৰ বিধায়ক মনোজ কুমাৰ ওৰাওও তেওঁৰ কুমাৰগ্ৰাম সমষ্টিত আক্ৰমণৰ বলি হয়। বান সাহায্য সামগ্ৰী বিতৰণ কৰি থকা অৱস্থাত টিএমচিৰ কৰ্মীয়ে ওৰাওক আক্ৰমণ কৰাৰ অভিযোগ বিজেপিৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ওৰাওক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁ কয়, মই বানাক্ৰান্তক সহায় কৰি আছিলো যেতিয়া হঠাতে তৃণমূলৰ শ্ৰমিকে মোক ঘেৰি ধৰি আক্ৰমণ কৰে। টিএমচি শাসনৰ অধীনত গণতন্ত্ৰৰ এই অৱস্থা।

অৱশ্যে টিএমচিয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে। স্থানীয় এজন নেতাই কয়, মনোজ ওৰাওৱে প্ৰথমে এজন বৃদ্ধক আক্ৰমণ কৰিছিল। তাৰ প্ৰতি মানুহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বিজেপিৰ অভিযোগ ভিত্তিহীন। বিজেপিয়ে এই ঘটনাক তীব্ৰ গৰিহণা দি টিএমচিক “সন্ত্রাসবাদী ৰাজনীতি”ৰ অভিযোগ উত্থাপন কৰিছে৷ দলটোৱে টুইটাৰযোগে পোষ্ট কৰি কয় যে, উত্তৰ বংগৰ বানাক্ৰান্তক সহায় কৰিবলৈ যেতিয়াই বিজেপি কৰ্মী আগবাঢ়ি আহে তেতিয়াই টিএমচিয়ে হিংসাৰ আশ্ৰয় লয়। আনকি ৰাইজৰ সৈতে থিয় দিয়াটোও মমতা বেনাৰ্জীৰ শাসনত অপৰাধত পৰিণত হৈছে। লগতে আহত বিধায়কজনৰ ফটো আৰু ক্ষতিগ্ৰস্ত বাহনসমূহৰ ফটোও শ্বেয়াৰ কৰে দলটোৱে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

ভাৰতীয় জাহাজৰ মালয়েছিয়াৰ নৌসেনাৰ সৈতে সামুদ্ৰিক পৰম্পৰা উদযাপন
কিয় অমিত শ্বাহে নক্সালমুক্ত ভাৰত আৰু উন্নয়নৰ সপোন ঘোষণা কৰিবলৈ বাষ্টাৰক বাছি ল’লে?
কলকাতাত প্ৰখ্যাত ফুটবলাৰ মেছিক উষ্ম আদৰণি; দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত অনুষ্ঠানত কৰিব অংশগ্ৰহণ
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে ২৫ ফেব্ৰুৱাৰীত শিক্ষাৰ্থী আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ বাবে মেগা কেম্পাছ নিযুক্তি মেলা আয়োজন কৰিব
নিৰ্বাচনী বিত্তীয় সাহায্যত স্বচ্ছতা বজাই ৰখা: নিৰ্বাচন আয়োগৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইজৰাইলত আপোনজনৰ বাবে স্পন্দন হৃদয়
Next Article কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১, আহত ২
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?