জগদলপুৰ, ২০ জুলাই (হি.স.)। ছত্তীশগড়ৰ বস্তৰ সংমণ্ডলৰ অভ্যন্তৰীণ অঞ্চলত নক্সাল ফ্ৰণ্টত নিয়োজিত নিৰাপত্তাৰক্ষীৰ কৌশলগত গোপনীয়তা বজাই ৰখাৰ বাবে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ অধীনত নক্সাল প্ৰভাৱিত জিলাসমূহত পোষ্ট কৰা নিৰাপত্তা বাহিনীক ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। এই অভিযানৰ সময়ত মোবাইল ব্যৱহাৰতো বাধা আৰোপ কৰা হৈছে। কেৱল জৰুৰীকালীন বা চৰকাৰী যোগাযোগৰ বাবেহে এই ফোন ব্যৱহাৰ কৰিব পাৰিব জোৱানসকলে। ভিডিঅ’ নিৰ্মাণ, ফটো তোলা আৰু ৰেকৰ্ডিং সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। অপাৰেচনৰ পিছত মোবাইল চেক কৰাটোও বাধ্যতামূলক কৰা হৈছে। যাতে কোনো ধৰণৰ নক্সাল বিৰোধী অভিযানৰ তথ্য আন কোনেও লাভ কৰিব নোৱাৰে।
দেওবাৰে বস্তৰৰ আই জি সুন্দৰৰাজ পিয়ে জনোৱা মতে, অভিযানৰ সময়ত জোৱানসকলৰ নিৰাপত্তা সৰ্বোচ্চ। ইণ্টাৰনেট মিডিয়াৰ জৰিয়তে অভিযান সন্দৰ্ভত তথ্য ফাদিলে কৌশল বিফল কৰাই নহয়, জোৱানসকলৰ জীৱনও বিপদত পেলাব পাৰে। এতিয়া জিলা পৰ্যায়ত সকলো জোৱানৰ ইণ্টাৰনেট মিডিয়া হেণ্ডেল পুনৰীক্ষণ কৰি আঁতৰাই পেলোৱা হৈছে।
আৰক্ষীৰ তথ্য অনুসৰি বস্তৰ সংমণ্ডলৰ নক্সাল প্ৰভাৱিত ৭খন জিলা, দান্তেৱাড়া, বিজাপুৰ, নাৰায়ণপুৰ, সুকমা, কোণ্ডাগাঁও, কংকৰ আৰু বস্তৰত পোষ্ট কৰা নিৰাপত্তাৰক্ষীৰ সকলো ইণ্টাৰনেট মিডিয়া একাউণ্ট এতিয়া ডিলিট কৰা হৈছে। জোৱানসকলক ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবৰ দৰে যিকোনো ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আৰু ভৱিষ্যতে কোনো ধৰণৰ কাৰ্যকৰী তথ্য শ্বেয়াৰ নকৰিবলৈ স্পষ্ট নিৰ্দেশনা দিয়া হৈছে। এই সিদ্ধান্তৰ আঁৰৰ মূল কাৰণ হ’ল শেহতীয়াকৈ ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে কৰা অভিযানৰ সৈতে জড়িত স্পৰ্শকাতৰ তথ্য ফাদিল হোৱা বুলি কোৱা হৈছে।
নক্সালবাদী সংগঠনটোৰ সাধাৰণ সম্পাদক, নক্সালবাদীৰ শীৰ্ষ কেডাৰ বাসৱ ৰাজুক হত্যা কৰাৰ পিছত জোৱানসকলে পোষ্ট কৰা অপাৰেচনেল ভিডিঅ’সমূহে লাখ লাখ দৰ্শন লাভ কৰিছিল, য’ত অস্ত্ৰ-শস্ত্ৰ, বন পথ, এনকাউণ্টাৰ ছাইট আৰু আনকি আহত বা নিহত হোৱা নক্সালবাদীৰ ছবিও আছিল, যাৰ বাবে মিছনটোৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছিল। চাইবাৰ সুৰক্ষা আৰু গোপনীয়তা সন্দৰ্ভতো জোৱানসকলক বিশেষ পৰামৰ্শ দিয়া হৈছে, যাতে তেওঁলোকে অজ্ঞাতে কোনো স্পৰ্শকাতৰ তথ্য শ্বেয়াৰ নকৰে। এই পদক্ষেপ নক্সাল বিৰোধী অভিযানৰ সফলতা নিশ্চিত কৰাৰ লগতে জোৱানসকলৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ দিশত লোৱা এক নিৰ্ণায়ক সিদ্ধান্ত।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
