নতুন দিল্লী, ১৭ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (শুকুৰবাৰে) পুৱা ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ ভোটাৰসকলক গণতন্ত্ৰৰ মহান উৎসৱত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ দুয়োখন ৰাজ্যৰ ভোটাৰক এক্সত কৈছে যে আপোনাৰ ভোট গণতন্ত্ৰৰ বাবে মূল্যৱান।
তেওঁ কয় যে আজি ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটদান। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ সকলো ভোটাৰক নিজৰ নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজি মধ্যপ্ৰদেশৰ সকলো বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৰাজ্যৰ সকলো ভোটাৰে উৎসাহেৰে ভোটদান কৰি গণতন্ত্ৰৰ এই মহান উৎসৱৰ সৌন্দৰ্য বৃদ্ধি কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ভোটদান কৰা মধ্যপ্ৰদেশৰ সকলো যুৱক-যুৱতীলৈ অভিনন্দন জ্ঞাপন কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ
