নতুন দিল্লী, ০৬ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জামাইকা লেবাৰ পাৰ্টিৰ নেতা ড° এণ্ড্ৰু হোলনেছক অভিনন্দন জনায়। জামাইকাৰ সংসদীয় নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জামাইকা লেবাৰ পাৰ্টিৰ বিজয়ক লৈ প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। এই উপলক্ষে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, ভাৰত-জামাইকাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ আশা কৰিছো।
মন কৰিবলগীয়া যে বৃহস্পতিবাৰে পুৱাই কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত তৃতীয়বাৰৰ বাবে জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হলনেছে নিৰ্বাচনত জয়লাভ কৰে। হলনেছৰ জামাইকা লেবাৰ পাৰ্টিয়ে ৩৪খন আসন আৰু মাৰ্ক গোল্ডিঙৰ বিৰোধী পিপলছ নেচনেল পাৰ্টিয়ে ২৯খন আসন লাভ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
