নতুন দিল্লী, ১৯ নৱেম্বৰ (হি.স.) । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেওবাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহান যোদ্ধা ৰাণী লক্ষ্মীবাইৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত কয়-‘‘ৰাণী লক্ষ্মীবাইৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি। বিদেশী শাসনৰ অত্যাচাৰৰ বিৰুদ্ধে তেওঁৰ সাহস, সংগ্ৰাম আৰু ত্যাগৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।’’
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
