নতুন দিল্লী, ০২ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ নতুন হিট এণ্ড ৰান আইনৰ প্ৰতিবাদত মঙলবাৰেও অব্যাহত আছে ট্ৰাক চালকৰ দেশজোৰা ধৰ্মঘট। এই আইনৰ প্ৰতিবাদত চালকৰ ধৰ্মঘটৰ আজি দ্বিতীয় দিন। এই ধৰ্মঘটৰ প্ৰভাৱ ৰাজধানী নতুন দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশকে ধৰি বহু ৰাজ্যত দেখা গৈছে।
হিট এণ্ড ৰাণ আইনত শাস্তি কঠোৰ কৰাৰ বাবেই চালকসকলে দেশজোৰা ধৰ্মঘট কৰিছে। ইয়াৰ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে অধিকাংশ চালকে। আন্দোলনকাৰীয়ে মুম্বাইৰ পৰা ইন্দোৰ, দিল্লী-হাৰিয়ানা আৰু ইউ পিলৈকে বহু ঠাইত ট্ৰাক ৰখাই পথ অৱৰোধ কৰে। ট্ৰাক চালকৰ ধৰ্মঘটৰ বাবে পেট্ৰল পাম্পত দীঘলীয়া শাৰী দেখা গৈছিল।
দৰাচলতে নতুন আইনৰ অধীনত বাছ, ট্ৰাক বা ডাম্পাৰ চালকে যদি কাৰোবাক খুণ্ডিয়াই পলাই যায় তেন্তে ১০ বছৰৰ কাৰাদণ্ড আৰু ৭ লাখ টকাৰ জৰিমনা বিহা হ’ব পাৰে। এই কাৰণতে এই আইনৰ প্ৰতিবাদত দেশৰ প্ৰায়বোৰ ৰাজ্যতে বাহন চালকসকলে ধৰ্মঘট কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ
