নতুন দিল্লী, ১৮ নৱেম্বৰ (হি.স.)। কংগ্ৰেছে অভিযোগ কৰিছে যে দেশত অৰ্থনৈতিক বৈষম্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ বাবে মোডী চৰকাৰ দায়ী কিন্তু এই চৰকাৰ এই কথা মানি ল’বলৈ সাজু নহয়।
শনিবাৰে এখন কাকতত প্ৰকাশিত বাতৰিৰ উদ্ধৃতি দি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড হিচাপে পৰিগণিত হোৱা উৎপাদন খণ্ডটো ধ্বংস হৈ পৰিছে। কৰ’ণাৰ সময়ছোৱাৰ পাছত দুবছৰত বন্ধ হৈ পৰিছে ৪০,১৭৫টা নিৰ্মাণকাৰী কোম্পানী। ইয়াৰ পিছতো প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। ভাষণৰ সময়ত তেওঁ এইবোৰ বিষয়ৰ কথা নকয়।
ৰমেশে আজি এক্সত লিখিছে যে দেশত ডাঙৰ ডাঙৰ কোম্পানী বৃদ্ধি পাইছে আৰু সৰু কোম্পানীবোৰো মৃত্যুমুখত পৰিছে। ভাৰত জোডো যাত্ৰাৰ সময়ৰ পৰাই আমি অবিৰতভাৱে কৈ অহা আমাৰ কথাটো ই আকৌ এবাৰ প্ৰমাণ কৰে যে মোডী চৰকাৰৰ দিনত দেশত অৰ্থনৈতিক বৈষম্য দ্ৰুতগতিত বৃদ্ধি পাইছে।
হিন্দুস্থান সমাচাৰ/আশুতোষ/মনোজ/অৰবিন্দ
