নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে অহা ৩০ নৱেম্বৰত হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব ।
উপ-ৰাষ্ট্ৰপতি সচিবালয়ৰ তথ্য অনুসৰি, ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান (এন আই টি), কুৰুক্ষেত্ৰৰ ২০ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে। আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আৰু কুৰুক্ষেত্ৰত অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় দেৱস্থান সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
