শ্ৰীনগৰ, ০১ ডিচেম্বৰ (হি.স.)। দিল্লী বিস্ফোৰণৰ সৈতে জড়িত কাশ্মীৰ উপত্যকাৰ প্ৰায় ১০টা স্থানত সোমবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অভিযান চলায়।
সূত্ৰসমূহে জনোৱা মতে, সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে মৌলভি ইৰফান আহমদ ৱাগাই, ডাঃ আদীল, ডাঃ মুজাম্মিল, আমিৰ ৰছিদৰ ঘৰকে ধৰি প্ৰায় ১০টা স্থানত অভিযান চলায়। নাডিগাম গাঁও, কইল, চান্দগাম, শ্বোপিয়ানৰ মলংপোৰা গাঁও, পুলৱামাৰ চাম্বুৰা গাঁৱত অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে।
তেওঁলোকে কয় যে দলসমূহে ‘হোৱাইট কলাৰ’ মডিউল আৰু দিল্লী বিস্ফোৰণৰ সৈতে সংযোগ স্থাপন কৰিব পৰা প্ৰমাণ বিচাৰিছে। দিল্লী বিস্ফোৰণৰ গোচৰত এই পৰ্যন্ত নিয়া-ই গ্ৰেপ্তাৰ কৰিছে ৬জন অভিযুক্তক। যোৱা ১০ নৱেম্বৰত দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত সংঘটিত উচ্চ তীব্ৰতাসম্পন্ন গাড়ী বোমা বিস্ফোৰণত কমেও ১৫ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
