চেন্নাই, ২৮ ডিছেম্বৰ (হি.স.)। দেশিয়া মুৰপোক্কু দ্ৰাবিদা কাঝাগাম (ডিএমডিকে)ৰ নেতা বিজয়কান্তৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে। শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত তেওঁৰ কৰোনা ৰিপৰ্ট পজিটিভ আহিছিল। উশাহ লোৱাত কষ্ট পোৱাৰ বাবে বিজয়কান্তক ভেন্টিলেটৰত ৰখাৰ হৈছিল।
বিজয়কান্তৰ প্ৰকৃত নাম বিজয়ৰাজ আৰু অভিনয় জগতত অপৰিসীম খ্যাতি অৰ্জন কৰাৰ পিছত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁ বহু তামিল ছবিত অভিনয় কৰাৰ লগতে বহু ছবি পৰিচালনাও কৰিছিল। ২০০৫ চনত তেওঁ দেশিয়া মুৰপোক্কু দ্ৰাবিদা কাঝাগম (ডিএমডিকে) নামেৰে নিজাকৈ ৰাজনৈতিক দল গঠন কৰে। ২০১১ চনৰ পৰা ২০১৬ চনলৈ তামিলনাডুৰ বিৰোধী দলৰ নেতা আছিল।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
