জম্মু, ১৫ অক্টোবৰ (হি.স.)। শাৰদীয় নৱৰাত্ৰিৰ প্ৰথম দিনা আজি দেওবাৰে জম্মু চহৰৰ মাতা বাৱে ৱালীৰ দৰবাৰত উপস্থিত হৈা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক ডা° মোহন ভাগৱতে মাতাৰ চৰণত সেৱা জনায়। এই সময়ত তেওঁ ৰাইজক নৱৰাত্ৰীৰ শুভেচ্ছাও জনায়।
ডা০ ভাগৱতে শনিবাৰে এক অনুষ্ঠানত সংঘৰ স্বেচ্ছাসেৱকসকলক পৰিৱেশ সুৰক্ষা, সামাজিক সম্প্ৰীতি আৰু ভাৰতৰ পৰম্পৰাগত পৰিয়াল ব্যৱস্থাক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। ডা০ ভাগৱতে কয় যে সাংগঠনিক নেটৱৰ্ক আৰু অধিক সম্প্ৰসাৰণৰ সমান্তৰালকৈ আৰ এছ এছৰ বাৰ্তা প্ৰতিটো ঘৰলৈ লৈ যাব লাগে।
ডা০ ভাগৱতে সংঘ পৰিয়ালৰ সৈতে জড়িত সংগঠনসমূহৰ সৈতে সমন্বয় সভা অনুষ্ঠিত কৰি শাখা কৰ্মীসকলৰ সৈতে আলোচনা কৰে। অম্বফালাত অৱস্থিত জম্মু-কাশ্মীৰ প্ৰদেশৰ সংঘৰ মুখ্য কাৰ্যালয় কেশৱ ভৱনত শনিবাৰে পুৱাৰে পৰা বিয়লিলৈ অনুষ্ঠিত হোৱা সমন্বয় বৈঠকত সংঘ পৰিয়ালৰ ৩৮টা সংগঠনৰ ১০৫জন স্বয়ংসেৱকে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ/অৰবিন্দ
