নতুন দিল্লী, ০৫ নৱেম্বৰ (হি.স.)। ড° মংগলম স্বামীনাথন ফাউণ্ডেচনে ২০২৫ চনৰ অষ্টম ৰাষ্ট্ৰীয় উৎকৰ্ষ বঁটাৰ বিজয়ীৰ নাম ঘোষণা কৰিছে।
বিভিন্ন ক্ষেত্ৰত দেশলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। প্ৰতিটো বঁটাৰ বাবে ১ লাখ টকাৰ নগদ পুৰস্কাৰ, এটা স্মৃতিচিহ্ন, আৰু এটা প্ৰশস্তি পত্ৰ থাকে।
এই বছৰ সাংবাদিকতাত উৎকৃষ্টতাৰ বঁটা লাভ কৰে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ উপ সম্পাদক লিজ মেথিউক। তেওঁৰ ৰাজনৈতিক প্ৰতিবেদন, নিৰপেক্ষ দৃষ্টিভংগী আৰু শক্তিশালী সাক্ষাৎকাৰ শৈলীৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। আনহাতে পৰিৱেশ, জলবায়ু পৰিৱৰ্তন, আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত প্ৰভাৱশালী প্ৰতিবেদন আগবঢ়োৱাৰ বাবে পিটিআইৰ মুখ্য সংবাদদাতা উজমি আথাৰক বিজ্ঞান প্ৰতিবেদনত উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰা হয়। কলা আৰু সংস্কৃতি শাখাত লেখিকা তথা চলচ্চিত্ৰ পৰিচালক সাগৰী ছাব্ৰাক অৱহেলিত অধ্যায় আৰু স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ ওপৰত কৰা গৱেষণামূলক কামৰ বাবে সন্মানিত কৰা হ’ব। কেৰালাৰ মতৃভূমি নিউজৰ সহযোগী সম্পাদক বিজু পংকজক পৰিৱেশ সুৰক্ষা আৰু বনাঞ্চল ক্ষয়ৰ ওপৰত আকৰ্ষণীয় তথ্যচিত্ৰৰ কামৰ বাবে বিজ্ঞান প্ৰতিবেদন শাখাৰ বিশেষ বঁটা প্ৰদান কৰা হ’ব।
ভি.এছ. কেৰালা কৌমুডীৰ মুখ্য বাতৰি সম্পাদক ৰাজেশে চিকিৎসা ক্ষেত্ৰৰ অনিয়ম উদঙাই দিয়াৰ বাবে এই বঁটা লাভ কৰিব। তেওঁৰ তদন্তমূলক প্ৰতিবেদনত চিকিৎসালয় আৰু ষ্টেণ্ট যোগানকাৰীৰ মাজৰ সম্পৰ্ক উন্মোচিত হৈছিল, যাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ষ্টেণ্টৰ দাম হ্ৰাস কৰিছিল।
সমাজসেৱাৰ বাবে শ্ৰী দত্তপন্ত থেংগাদী সেৱা সন্মান আৰ্ষ বিদ্যা সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য কে.আৰ. মনোজ আৰু দিব্য প্ৰেম সেৱা মিছনৰ অধ্যক্ষ আশীষ গৌতমক প্ৰদান কৰা হব। বাহৰেইন আৰু চৌদি আৰৱৰ আমাদ গ্ৰুপৰ অধ্যক্ষ পাম্বাবাসন নাইৰক দানশীল কাম আৰু অভাৱগ্ৰস্ত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয় উৎকৰ্ষ বঁটা প্ৰদান কৰা হ’ব।
ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা পৰিচালন ট্ৰাষ্টী আৰ বালাশংকৰে কয় যে এই বছৰ সমগ্ৰ দেশৰ পৰা ১০০০ ৰো অধিক প্ৰৱেশ পত্ৰ লাভ কৰা হৈছে, যাৰ পৰা বিশেষজ্ঞ সমিতিয়ে বিজয়ীসকলক নিৰ্বাচন কৰে। ২০২৫ চনৰ ২৯ নৱেম্বৰত নতুন দিল্লীৰ সংসদ মাৰ্গৰ এন ডি এম চি কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
