নতুন দিল্লী, ১৮ জুলাই (হি.স.)। আমেৰিকাৰ বিদেশ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই তৈয়বাৰ সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰন্ট (টি আৰ এফ)ক বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তক ভাৰতে আদৰণি জনাইছে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি এক বিবৃতিত কয় যে ভাৰত চৰকাৰে টি আৰ এফক বিদেশী সন্ত্ৰাসবাদী সংগঠন (এফ টি অ’) আৰু বিশেষ গ্ল’বেল টেৰ’ৰিষ্ট (এছ ডি জি টি) হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তক ভাৰত চৰকাৰে আদৰণি জনাইছে। এই ক্ষেত্ৰত বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ নেতৃত্বক আমি স্বীকাৰ আৰু শলাগ লৈছো।
বিবৃতি অনুসৰি পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ প্ৰক্সি টি আৰ এফে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত কৰা জঘন্য আক্ৰমণকে ধৰি বহু সন্ত্ৰাসবাদ সম্পৰ্কীয় কামত জড়িত হৈ আছে। এই সম্পৰ্কত সংগঠনটোৱে দুবাৰকৈ দায়িত্বও লৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ আৰু সন্ত্ৰাসবাদী আন্তঃগাঁথনি নিৰ্মূলৰ ক্ষেত্ৰত বিশ্ব সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত ধাৰাবাহিকভাৱে গুৰুত্ব আৰোপ কৰি আহিছে। টি আৰ এফক বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠন হিচাপে নিৰ্ধাৰণ কৰাটো এটা সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত আৰু আমেৰিকাৰ মাজত থকা গভীৰ সহযোগিতাৰ প্ৰতিফলন ঘটিছে।
বিবৃতিটোত কোৱা হৈছে যে ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিৰ প্ৰতি দায়বদ্ধ আৰু সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ সংযুক্ত সংস্থাসমূহক যাতে জবাবদিহি কৰা হয় তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
