– দিল্লীলৈ প্ৰেৰণৰ প্ৰস্তুতি
পূৱ সিংভূম, ০২ আগষ্ট (হি.স.)। ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰী ৰামদাস সোৰেনে ঘোৰাবন্ধাত থকা নিজ বাসগৃহত শনিবাৰে হঠাতে বাথৰুমত পিছলি পৰি যায়। ইয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পাছতে তেওঁক খৰখেদাকৈ জামছেদপুৰৰ টাটা মটৰছ হাস্পতালত ভৰ্তি কৰোৱা হয়, য’ত তদন্তত মূৰত গুৰুতৰভাৱে আঘাত পোৱা আৰু মগজুত তেজ জমা হোৱা বুলি নিশ্চিত হয়। তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সেৰে দিল্লীৰ মেদান্ত হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
মন্ত্ৰী ৰামদাস সোৰেনৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰি ঝাৰখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ডাঃ ইৰফান আনছাৰীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে ৰামদাস সোৰেনৰ মগজুত আঘাত আৰু তেজ জমা হৈছে, যাৰ বাবে তেওঁক দিল্লীলৈ লৈ যোৱা হৈছে। বৰ্তমান চিকিৎসকৰ বিশেষ দলে তেওঁক নিৰীক্ষণ কৰি আছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
