– যুৱক-যুৱতীসকলে ইয়াৰ সৈতে জড়িত ইতিহাস জনা উচিত
নতুন দিল্লী, ২৬ জুন (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে কয় যে ১৯৭৫ চনত দেশত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ সময়ত গণতন্ত্ৰক মষিমূৰ কৰাৰ প্ৰয়াস কৰা হৈছিল আৰু ইয়াক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা ইয়াৰ পৰা অনুপ্ৰাণিত সংগঠনসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয় যে আজিৰ যুৱক-যুৱতীসকলে জৰুৰীকালীন অৱস্থা আৰু ইয়াৰ সৈতে জড়িত ভয়ানক ইতিহাস জানিব আৰু বুজিব লাগিব।
জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বহুভাষিক সংবাদ সংস্থা হিন্দুস্থান সমাচাৰৰ তত্বাৱধানত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আয়োজন কৰা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে ভাষণ প্ৰদান কৰে। গাডকাৰীয়ে কয় যে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজৰ ক্ষমতা ৰক্ষাৰ বাবে সংবিধানৰ মৌলিক মনোভাৱ সলনি কৰিছিল, প্ৰেছ, সংসদ আৰু ন্যায়পালিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল। তেওঁ কয় যে সেই সময়ছোৱাত এনে এক ভয়ৰ পৰিবেশ আছিল যে মানুহে নিজৰ অধিকাৰৰ বাবেও মাত মাতিব পৰা নাছিল।
গাডকাৰীয়ে কয় যে তেওঁ ১৯৭৫ চনত মেট্ৰিকৰ ছাত্ৰ আছিল আৰু জৰুৰীকালিন অৱস্থাৰ পুৱা বাতৰি কাকত ছপা হোৱা নাছিল। সেই সময়ছোৱাত হাজাৰ হাজাৰ নিৰীহ লোকক জেলত ভৰোৱা হৈছিল। সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰ বিলুপ্ত কৰা হ’ল। আনকি আৰক্ষীৰ গুলীত নিহত এজন ব্যক্তিৰ বাবেও ন্যায় বিচৰাৰ অধিকাৰ নাছিল।
জয়প্ৰকাশ নাৰায়ণে আৰম্ভ কৰা দুৰ্নীতি বিৰোধী আন্দোলনৰ বিষয়ে চৰ্চা কৰি তেওঁ কয় যে বিহাৰ আন্দোলনৰ কেন্দ্ৰবিন্দু আছিল, য’ত বহু ছাত্ৰ সংগঠন আৰু সংঘ অনুপ্ৰাণিত কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবে, জ্যেষ্ঠ সাংবাদিক ৰাম বাহাদুৰ ৰায় আৰু সমাজকৰ্মী কে এন গোবিন্দাচাৰ্যৰ দৰে নেতাৰ অৱদানৰ কথাও স্মৰণ কৰে।
গাডকাৰীয়ে কয় যে যেতিয়া ৰায়বেৰেলী নিৰ্বাচনত চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ সন্দৰ্ভত ইন্দিৰা গান্ধীৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায়দান দিছিল, তেতিয়া ইন্দিৰা গান্ধীয়ে পদত্যাগ কৰাৰ পৰিৱৰ্তে দেশত জৰুৰীকালীন অৱস্থা জাপি দিছিল। তেওঁ কয় যে ইন্দিৰাই ভাৰত, ভাৰতেই ইন্দিৰা আদি শ্লোগানৰ জৰিয়তে তোষামোডৰ চূড়ান্ত ৰূপ দেখা গৈছিল। এই সময়ছোৱাত কংগ্ৰেছে ভাৰতীয় সংবিধানৰ ব্যাপক অৱমাননা কৰাৰ বিপৰীতে আজি একেটা দলৰ নেতাই আনক সংবিধান সলনি কৰাৰ অভিযোগ উত্থাপন কৰে।
গাডকাৰীয়ে কয় যে জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাসকলৰ ভিতৰত অটল বিহাৰী বাজপেয়ী, এল কে আদৱানী, জৰ্জ ফাৰ্নাণ্ডেছৰ দৰে নেতাক জেলত ভৰোৱা হৈছিল। সহস্ৰাধিক সংঘৰ কৰ্মীয়ে আত্মগোপন কৰি গণতন্ত্ৰ ৰক্ষাৰ বাবে যুঁজিছিল। তেওঁ কয় যে জৰুৰীকালীন অৱস্থাৰ ৫০ তম বৰ্ষপূৰ্তিয়ে আমাক সোঁৱৰাই দিয়ে যে গণতন্ত্ৰ কেৱল আইনৰ দ্বাৰাই নহয়, বৰঞ্চ জনসাধাৰণৰ বিশ্বাস, সংগ্ৰাম আৰু ত্যাগৰ দ্বাৰাহে সুৰক্ষিত হয়। তেওঁ এই ইতিহাস জানিবলৈ আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে সজাগ হ’বলৈ যুৱ সম্প্ৰদায়ক আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
