জম্মু, ১৫ নৱেম্বৰ(হি.স.) । জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানাত শুকুৰবাৰে নিশা সংঘটিত হোৱা বৃহৎ বিস্ফোৰণত মৃত্যুৰ সংখ্যা ৭লৈ বৃদ্ধি পাইছে। আহত কেইবাজনো লোকৰ অৱস্থা সংকটজনক বুলি জনা গৈছে।
মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিস্ফোৰণৰ সময়ত সংঘটিত হোৱা অগ্নিকাণ্ডত ৰখাই থোৱা কেইবাখনো বাহন ধ্বংস হয়। বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে চানপোৰা, সনাতনগৰ, ৰাৱালপোৰা, পন্থা চক আদি দুৰ্গম অঞ্চলত ইয়াৰ শব্দ শুনা গৈছিল। এই ঘটনাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ছীল কৰি তালাচী তীব্ৰতৰ কৰে। অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
