অম্বিকাপুৰ, ০৭ জুলাই (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই সোমবাৰে ছত্তীশগড়ৰ অম্বিকাপুৰৰ দৰিমা বিমানবন্দৰত উপস্থিত হয়। ইয়াৰ পৰাই তেওঁ ছত্তীশগড়ৰ বিখ্যাত পৰ্যটনস্থলী মেইনপাটলৈ ৰাওনা হয়। এই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাই আৰু গৃহমন্ত্ৰী বিজয় শৰ্মাও তেওঁৰ সৈতে উপস্থিত থাকে। আজিৰে পৰা মেইনপাটত তিনিদিনীয়া চিন্তন আৰু প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি কৰিব জে পি নড্ডাই।
পথেৰে মেইনপাট পোৱাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই পুলি ৰোপণ কৰিব। ইয়াৰ পিছত প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰা হ’ব। বাকী সাংসদ-বিধায়কসকলক পুৱা সংৰক্ষিত বাছেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য যে সোমবাৰে ছত্তীশগড়ৰ অম্বিকাপুৰত ভাৰতীয় জনতা পাৰ্টিৰ তিনিদিনীয়া চিন্তা আৰু প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই। ৭ জুলাইৰ পৰা ৯ জুলাইলৈ চলিব এই শিবিৰত দলৰ ৫৪ গৰাকী বিধায়ক আৰু সাংসদে অংশগ্ৰহণ কৰিব। শিবিৰৰ সময়ছোৱাত মুঠ ১২টা অধিৱেশনৰ আয়োজন কৰা হ’ব, য’ত দলৰ নীতি, সাংগঠনিক শক্তি আৰু ভৱিষ্যতৰ কৌশল সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
