নতুন দিল্লী, ১৫ ডিচেম্বৰ (হি.স.)। ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকীত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই ৰাষ্ট্ৰ-নিৰ্মাণৰ ক্ষেত্ৰত চৰ্দাৰ পেটেলৰ অতুলনীয় অৱদানৰ কথা স্মৰণ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে, ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু বাৰ্ষিকীত সাদৰেৰে শ্ৰদ্ধাঞ্জলি। তেওঁ দেশক একত্ৰিত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। সংযুক্ত আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ অৱদান এনেকুৱা যিটো এটা কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘এক্স’ত পোষ্ট কৰা বাৰ্তাত চৰ্দাৰ পেটেলক ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতীক আৰু শক্তিশালী ভাৰতৰ স্থপতি বুলি অভিহিত কৰে। তেওঁ কয় যে চৰ্দাৰ চাহাবে সকলো প্ৰতিকূল পৰিস্থিতিৰ মাজতো এটা খণ্ডিত স্বাধীন ভাৰতক একত্ৰিত কৰি শক্তিশালী ৰাষ্ট্ৰৰ আকৃতি দিছিল। দেশৰ প্রথম গৃহমন্ত্রী হিচাপে তেওঁ ভাৰত মাতৃৰ নিৰাপত্তা, আভ্যন্তৰীণ স্থিতিশীলতা, শান্তি সুনিশ্চিত কৰাটো নিজৰ জীৱনৰ লক্ষ্য হিচাপে লৈছিল৷
অমিত শ্বাহে কয় যে সমবায় আন্দোলনক পুনৰুজ্জীৱিত কৰি স্বাৱলম্বী ভাৰতৰ ভেটি স্থাপন কৰা চৰ্দাৰ বল্লভভাই পেটেলে প্ৰথমে ৰাষ্ট্ৰৰ পথত মেৰু তাৰকাৰ দৰে দেশবাসীক পথ প্ৰদৰ্শন কৰি যাব।
हिन्दुस्थान समाचार / অৰৱিন্দ
