পালানপুৰ, ৩০ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সোমবাৰে পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হয় । আহমেদাবাদ বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ পুৱা ১০:৩০ বজাত বানাসকান্থা জিলাৰ শক্তিপীঠ আম্বাজী মন্দিৰত উপস্থিত হয়। তেওঁ প্ৰসিদ্ধ আম্বা দেৱী মন্দিৰত প্ৰাৰ্থনা কৰে। স্থানীয় ৰাইজে পথৰ দুয়োকাষে থিয় হৈ তেওঁক আদৰণি জনায়।
আম্বা দেৱী মন্দিৰত প্ৰাৰ্থনা কৰাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱা অনুষ্ঠানৰ বাবে মেহছানাৰ খেৰালু তহচিলৰ দভোদা গাঁৱলৈ ৰাওনা হয়, য’ত তেওঁ ৫,৯৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। ইয়াত তেওঁ সমাৱেশক সম্বোধন কৰে। ইয়াৰ ভিতৰত ৰেলৱে, পথ, খোৱাপানী, জলসিঞ্চনৰ দৰে বিভিন্ন খণ্ডৰ সৈতে জড়িত প্ৰকল্পসমূহো আছে। মেহছানা জিলাৰ দভোদা গাঁৱত প্ৰকল্পসমূহৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ কাম সম্পন্ন কৰা হ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিবলগীয়া ১৬টা উন্নয়নমূলক প্ৰকল্পসমূহে মেহছানা, আহমেদাবাদ, বানাস্কান্ত, সাবৰকান্ত, মহিসাগৰ, গান্ধীনগৰ আৰু পাটন জিলাক সামৰি ল’ব। প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে দেশৰ প্ৰথমজন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে নৰ্মদা জিলাৰ কেৱাদিয়াত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ/বিনোদ/মনোজ
