গুৱাহাটী,০৮ জানুৱাৰী(হি.স.)। গাজিয়াবাদৰ এটা এপাৰ্টমেণ্টত যোৱা ৭ জানুৱাৰী দেওবাৰে গুৱাহাটীৰ এজন চফটৱেৰ ডেভেলপাৰৰ মৃতদেহ উদ্ধাৰ হয়। চুবুৰীয়াই দুৰ্গন্ধৰ অভিযোগ উত্থাপন কৰাৰ পিছতে দেওবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ইন্দিৰা পুৰমৰ উপস্থান বৈভৱ খাণ্ডৰ এইচ আৰ চি এপাৰ্টমেণ্টৰ পৰা উক্ত মৃতদেহটো উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে।
প্ৰাথমিক খবৰ অনুসৰি মৃত লোকজনৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয়। প্ৰাথমিক পৰীক্ষাত প্ৰায় এসপ্তাহ পূৰ্বে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। যেতিয়া চুবুৰীয়াই এপাৰ্টমেণ্টটোৰ পৰা দুৰ্গন্ধ অহাৰ কথা উপলব্ধি কৰে, তেতিয়াই তেওঁলোকে আৰক্ষীক অবগত কৰে আৰু পিছত এপাৰ্টমেণ্টটোৰ পৰা তেওৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। ইন্দিৰা পুৰমৰ সহকাৰী আৰক্ষী আয়ুক্ত স্বতন্ত্ৰ কুমাৰ সিঙে অৱগত কৰে যে মৃতদেহটোত কোনো ধৰণৰ আঘাতৰ চিহ্ন নাই প্ৰত্যক্ষ কৰা নায়। মৃত যুৱকজন অসমৰ গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ বাসিন্দা পঞ্চজন্য দেৱপুৰকায়স্থ বুলি জানিব পৰা গৈছে। এচিপিৰ অনুসৰি, সেই মৃতদেহ আৱিষ্কাৰ হোৱাৰ সময়ত কোনো ছুইচাইড নোট নাছিল। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু মৃত্যুৰ কাৰণ নিৰ্ণয় কৰিবলৈ প্ৰতিবেদনৰ অপেক্ষাত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ /ৰমেন/আলোক.
