কোকৰাঝাৰ, ২৩ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলা চহৰৰ ৰে’লপথত অচিনাক্ত লোকে বোমা বিস্ফোৰণ সংঘটিত কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ সংমণ্ডলৰ অধীনস্থ ৰে’ল পথত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।
এন এফ আৰৰ চি পি আৰ অ’ কপিঞ্জল কিশোৰ শৰ্মাই এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছে যে আজি পুৱতি নিশা প্ৰায় ১:০০ বজাত যেতিয়া এখন মালবাহী ৰে’ল উজনি আজাৰা চুগাৰ ছালাকাটি আৰু কোকৰাঝাৰৰ মাজত পাৰ হৈ আছিল, তেতিয়া ৰে’ল পৰিচালকে তীব্ৰ জোকাৰণিৰ খবৰ দিয়ে, তাৰ পিছত ৰে’লখন ৰখাই দিয়া হয়।
তদন্তৰ অন্তত দেখা গ’ল যে সন্দেহযুক্ত বোমা বিস্ফোৰণৰ বাবে ট্ৰেক আৰু শ্লীপাৰৰ ক্ষতিসাধন হৈছে।
এই সন্দৰ্ভত ৰাজ্যিক আৰক্ষী, আৰ পি এফ, চোৰাংচোৱা বিষয়াই এই বিষয়ৰ তদন্ত কৰি আছে।
ইফালে পুৱা ৫:২৫ বজাত ট্ৰেক মেৰামতি কৰা হয় আৰু স্বাভাৱিক ৰে’ল যাতায়ত পুনৰ আৰম্ভ হৈছে। এই ঘটনাৰ বাবে প্ৰায় ৮খন ৰে’ল ৰখাই থোৱা হয়। এই সংমণ্ডলত টহল বৃদ্ধি কৰা হৈছে।
এই পৰ্যন্ত বোমা বিস্ফোৰণৰ আঁৰত কোন আছে সেয়া জানিব পৰা হোৱা নাই। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰে’ল পথত এনে ঘটনা বহু বছৰ ধৰি সংঘটিত হোৱা নাছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
