নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। শাসকীয় দলৰ সাংসদসকলৰ মঙলবাৰে অনুষ্ঠিত হোৱা বৈঠকত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনক সম্বৰ্ধনা জনোৱা হয়। এই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ মিত্ৰ দলৰ শীৰ্ষ নেতাসকলে ৰাধাকৃষ্ণনক সম্বৰ্ধনা জনায়। বুধবাৰে পুৱা ১১ বজাত মনোনয়ন দাখিল কৰিব ৰাধাকৃষ্ণনে।
সংসদীয় পুথিভঁৰাল ভৱনৰ জিএমচি বালযোগী প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত হোৱা সংসদীয় দলৰ বৈঠকত এনডিএ লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্য উপস্থিত থাকে। বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত কয় যে সভাত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনক চিনাকি কৰাই দিয়া হয়। এন ডি এৰ মজিয়াৰ নেতা, সাংসদসকলে চি পি ৰাধাকৃষ্ণনক উষ্ম আদৰণি জনায়, অভিনন্দন জ্ঞাপন কৰে।
এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক চিনাকি কৰাই দিয়া বুলিও তেওঁ কয়। পৰিচয়ৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনাইছে যে সমগ্ৰ দল আৰু সকলো দলৰ সাংসদসকলে একত্ৰিত হৈ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এয়ে সিদ্ধান্ত লোৱা প্ৰাৰ্থীক সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰক। চি পি ৰাধাকৃষ্ণন উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অতি ভাল নাম। সকলোৱে মানি লৈছে। কোনো বিতৰ্ক, কোনো দুৰ্নীতি, কোনো দাগ নাই তেওঁৰ জীৱনত, তেওঁ অতি সহজ জীৱন যাপন কৰি কেৱল সমাজ আৰু দেশৰ বাবে কাম কৰি আহিছে। তেনে ব্যক্তি যদি দেশৰ উপ-ৰাষ্ট্ৰপতি হয়, তেন্তে সেয়া দেশৰ বাবে এক বৃহৎ সুখৰ বিষয় হ’ব। তেওঁ কয় যে ৰাজনাথ সিঙেও সকলোৰে সৈতে কথা পাতিছে আৰু আমি বিচাৰো যে আমি সকলোৱে মিলি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাধাকৃষ্ণনক সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰক আৰু ই গণতন্ত্ৰৰ বাবে, আমাৰ দেশৰ বাবে আৰু ৰাজ্যসভা চলোৱাৰ ক্ষেত্ৰত উপযোগী হ’ব।
ইয়াৰ পূৰ্বে সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ বাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। য’ত ২০ আগষ্টৰ পুৱা ১১ বজাত চি পি ৰাধাকৃষ্ণনৰ মনোনয়ন দাখিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। মনোনয়নৰ সময়ত প্ৰধানমন্ত্ৰী মোডী স্বয়ং উপস্থিত থাকিব আৰু মনোনয়ন প্ৰক্ৰিয়াত তেওঁৰ সৈতে যোগ দিব এন ডি এৰ সকলো সাংসদ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
