নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ঘোষণা কৰা উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে বুধবাৰে পুৱা ১১ বজাত মনোনয়ন দাখিল কৰিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকল। চি পি ৰাধাকৃষ্ণনৰ মনোনয়নত প্ৰধানমন্ত্ৰী মোডী নিজেই প্ৰস্তাৱক হ’ব। ইয়াৰ পূৰ্বে মঙলবাৰে সংসদ ভৱনত অনুষ্ঠিত এন ডি এ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাধাকৃষ্ণনক মিত্ৰজোঁটৰ সাংসদসকলৰ সৈতে চিনাকি কৰাই দি তেওঁলোকৰ সমৰ্থনৰ বাবে আবেদন জনায়।
আনহাতে বিৰোধী ইণ্ডি এলায়েন্সে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বি সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰিছে। ২১ আগষ্টত মনোনয়ন দাখিল কৰিব বি সুদৰ্শন ৰেড্ডী অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১১ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে জগদীপ ধনখৰে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত ৭ আগষ্টত এই নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰিছিল। উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অহা ৯ ছেপ্টেম্বৰত সংসদ ভৱনত অনুষ্ঠিত হ’ব আৰু সেইদিনা ফলাফল ঘোষণা কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
