বিজয়াৱাড়া (অন্ধ্ৰ প্ৰদেশ), ১৯ নৱেম্বৰ (হি.স.)। ছত্তীশগড়ৰ বস্তৰত ১৩১ জন নিৰাপত্তাৰক্ষীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত দুৰ্ধৰ্ষ মাওবাদী নক্সালবাদী থিপ্পিৰি তিৰুপতি ওৰফে দেৱজী আজি ৰামপাচোদাৱৰাম বনাঞ্চলত হোৱা গুলীচালনাত নিহত হয়। অন্ধ্ৰ প্ৰদেশ চোৰাংচোৱাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মহেশ চন্দ্ৰ লাদ্ধাই এই কথা নিশ্চিত কৰিছে।
এডিজি মহেশ চন্দ্ৰই উল্লেখ কৰে যে আজি পুৱা নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত হোৱা তীব্ৰ গুলীচালনাত ছয়ৰ পৰা সাতজন মাওবাদী নিহত হয়। নিহত নক্সালসকলৰ ভিতৰত আছিল থিপ্পিৰি তিৰুপতি ওৰফে দেৱজী। ওড়িশা-অন্ধ্ৰ প্ৰদেশ সীমান্তত সক্ৰিয় হৈ আছিল দেৱজী। নক্সালবাদী সংগঠনটোৱে দেৱজীক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছিল। বস্তৰ অঞ্চলত ১৩১ জনতকৈ অধিক নিৰাপত্তাৰক্ষীক হত্যা কৰাৰ অভিযোগ আছিল দেৱজীৰ বিৰুদ্ধে। এই দুৰ্ধৰ্ষ নক্সালবাদীজনক গ্ৰেপ্তাৰৰ বাবে চৰকাৰে এক কোটিৰো অধিক পুৰস্কাৰ ঘোষণা কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
