নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.) ।এংগোলাৰ ৰাষ্ট্ৰপতি জোয়াও মেনুৱেল গনছালভেছ ল’ৰেঞ্চোৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এংগোলাৰ স্বাধীনতাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা ভৱ্য সমাৰোহ উদযাপনত অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰপতি সচিবালয়ৰ মতে, মঙলবাৰে লুয়াণ্ডাৰ প্ৰাচাডাৰে পাব্লিকাত অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুয়ে ৰাষ্ট্ৰপতি ল’ৰেঞ্চোৰ সৈতে এংগোলাৰ চহকী সামৰিক আৰু সাংস্কৃতিক পৰম্পৰাৰ এক সজীৱ আভাস প্ৰত্যক্ষ কৰে। এই অনুষ্ঠানত স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ ক্ষেত্ৰত এংগোলাৰ ঐতিহাসিক অৱদানকো সন্মান জনোৱা হয়। মঙলবাৰে ৰাষ্ট্ৰপতি মুৰ্মু আফ্ৰিকা ভ্ৰমণৰ দুখন দেশৰ ৰাষ্ট্ৰীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত বটছৱানাৰ ৰাজধানী গাব’ৰ’নত উপস্থিত হয়। বটছৱানালৈ ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ৰাজ্যিক ভ্ৰমণ।
ৰাষ্ট্ৰপতি মুৰ্মুৰ আগমনৰ লগে লগে বটছৱানাৰ ৰাষ্ট্ৰপতি অধিবক্তা ডুমা গিডিয়ান বকোৱে বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায়। এই উপলক্ষে তেওঁক আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
