০৯ আগষ্ট ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ ঘটনাৰ বাবে জনাজাত। ১৯৪২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়। এই আন্দোলনৰ লক্ষ্য আছিল ব্ৰিটিছ শাসনৰ অন্ত পেলোৱা আৰু ভাৰতক মুক্ত কৰা। মুম্বাইৰ গোৱালীয়া টেংক ময়দান (বৰ্তমান আগষ্ট ক্ৰান্তি ময়দান)ত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত গান্ধীজীয়ে দেশবাসীক কৰিম বা মৰিম বুলি আহ্বান জনায়।
গান্ধীজীয়ে তেওঁৰ ঐতিহাসিক ভাষণত ভাৰত ত্যাগ শ্লোগান দি ৰাইজক হিংসাৰ পথ গ্ৰহণ নকৰিবলৈ আৰু সত্যগ্ৰহৰ জৰিয়তে ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। এই আন্দোলন দেশজোৰা হৈ পৰিল আৰু ইয়াত লাখ লাখ ভাৰতীয়ই অংশগ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে লগে লগে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলক গ্ৰেপ্তাৰ কৰি আন্দোলনটো মষিমূৰ কৰিবলৈ চেষ্টা কৰিলে। ইয়াৰ পিছতো দেশজুৰি আন্দোলন বিয়পি পৰিল আৰু স্বাধীনতা সংগ্ৰামখনে এক নতুন শক্তি লাভ কৰিলে।
ভাৰত ত্যাগ আন্দোলনে ব্ৰিটিছ শাসনৰ ভেটি কঁপাইছিল আৰু শেষত ১৯৪৭ চনত ভাৰতক স্বাধীনতা প্ৰদানৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ হিচাপে প্ৰমাণিত হৈছিল।
অন্যান্য মুখ্য ঘটনাৱলী :
১১৭৩ – বিশ্বৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম ইটালীৰ পিছাৰ হেলনীয়া টাৱাৰ নিৰ্মাণ আৰম্ভ হয়।
১৮৩১ – আমেৰিকাত প্ৰথমবাৰৰ বাবে ভাপ ইঞ্জিনৰ ৰেল চলাচল হয়।
১৮৯২ – থমাছ আলভা এডিচনে দুমুখীয়া টেলিগ্ৰাফৰ পেটেণ্ট লাভ কৰে।
১৯১০ – আলভা ফিচাৰে বৈদ্যুতিক ধোৱা মেচিনৰ পেটেণ্ট লাভ কৰে।
১৯২৫ – আজিৰ দিনটোতে লক্ষ্ণৌৰ সমীপৰ কাকোৰীত ভাৰতীয় বিপ্লৱীসকলে ৰে’লযোগে গৈ চৰকাৰী কোষাগাৰ লুটপাত কৰে।
১৯৪২ – আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে মুম্বাইত Do or Die শ্লোগান দি ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে।
১৯৪২ – নেতাজী সুভাষ চন্দ্ৰ বসুৱে মালয় (বৰ্তমান মালয়েছিয়া)ত জাপানৰ সহায়ত ভাৰতীয় জাতীয় সেনা প্ৰতিষ্ঠা কৰে।
১৯৪৫ – আমেৰিকাই জাপানৰ নাগাছাকি চহৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰে।
১৯৬৫ – মালয়েছিয়ান ইউনিয়নৰ পৰা বিচ্ছিন্ন হৈ ছিংগাপুৰ স্বাধীন ৰাষ্ট্ৰত পৰিণত হয়।
১৯৭১ – ভাৰত আৰু পাকিস্তানে বন্ধুত্ব চুক্তি স্বাক্ষৰ কৰে।
১৯৭৪ – ৱাটাৰগেট কেলেংকাৰী উদঙাই দিয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে নিজৰ পদৰ পৰা পদত্যাগ কৰে।
২০১২ – ভাৰতীয় সেনাই পাৰমাণৱিক আক্ৰমণ কৰিব পৰা অগ্নি-২ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰে।
জন্ম:
১২০১ – আৰ্নল্ড ফিটজ থেডমাৰ – ইংৰাজ ইতিহাসবিদ আৰু ব্যৱসায়ী।
১৫৩৭ – ফ্ৰান্সিস্কো বাৰোজি – ইটালীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী।
১৬৩১ – জন ড্ৰাইডেন – ইংৰাজী কবি, নাট্যকাৰ আৰু সমালোচক।
১৮৬২ – আজিৰ দিনটোতে গংগাধৰ মেহৰে – ওড়িয়া ভাষাৰ বিখ্যাত কবি।
১৮৯১ – ফ্ৰান্সিছ ভাৰ্নাৰ উইলি – ইউনাইটেড প্ৰভিন্সৰ গৱৰ্ণৰ।
১৮৯২ – এছ.আৰ. ৰংগনাথন – বিখ্যাত পুথিভঁৰাল আৰু শিক্ষাবিদ।
১৮৯৩ – শিৱ পূজন সহায় – ঔপন্যাসিক।
১৯০৯ – বিনায়ক কৃষ্ণ গোকক – কানাড়া ভাষাৰ বিশিষ্ট সাহিত্যিকক ‘জ্ঞানপীঠ বঁটা’ৰে সন্মানিত কৰা হয়।
১৯১৫ – হিতেন্দ্ৰ দেশাই – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু গুজৰাটৰ তৃতীয় মুখ্যমন্ত্ৰী।
১৯২৬ – এম এম জেকব – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।
১৯৩৩ – মনোহৰ শ্যাম যোশী – আধুনিক হিন্দী সাহিত্যৰ বিখ্যাত গদ্য লেখক, ঔপন্যাসিক, ব্যংগকাৰ, সাংবাদিক।
১৯৩৭ – অভিমন্যু অনন্ত – হিন্দী সাহিত্যিক।
১৯৫৪ – অশোক দিৱান – ভাৰতৰ প্ৰাক্তন হকী খেলুৱৈ।
১৯৭৫ – মহেশ বাবু – চলচ্চিত্ৰ অভিনেতা।
১৯৯১ – হান্সিকা মটৱানী – চলচ্চিত্ৰ অভিনেত্ৰী।
১৯৯৩ – দীপা কৰ্মকাৰ – ভাৰতীয় কলাত্মক জিমনাষ্ট।
মৃত্যু:
১৯৬২ – হাৰ্মান হিজ – জাৰ্মান লেখক।
১৯৭০ – ত্ৰিলোকনাথ চক্ৰৱৰ্তী – স্বাধীনতা সংগ্ৰামী যিয়ে ৩০ বছৰ কাৰাগাৰত কটায়।
২০০২ – ৰামকিঙ্কৰ উপাধ্যায় – বিখ্যাত গল্পকাৰ আৰু হিন্দী সাহিত্যিক।
২০১৬ – কালিখো পুল – অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান:
ভাৰতীয় বিপ্লৱ দিৱস বা ‘আগষ্ট বিপ্লৱ দিৱস’।
নাগাছাকি দিৱস
ভাৰত ত্যাগ আন্দোলন স্মৃতি দিৱস
বিশ্ব জনজাতীয় দিৱস
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
