– ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডত ৩৩,৯৫০ তকৈ অধিক প্ৰাৰ্থীয়ে লাভ কৰিব সুযোগ
নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। কেন্দ্ৰীয় চৰকাৰে অসামৰিক সেৱা পৰীক্ষা (ইউ পি এছ চি)ৰ সাক্ষাৎকাৰত উপস্থিত হৈয়ো নিৰ্বাচিত হ’ব নোৱাৰা হাজাৰ হাজাৰ পৰীক্ষাৰ্থীক সকাহ দিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যসভাত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে কয় যে চৰকাৰে ‘প্ৰতিভা-সেতু’ পৰ্টেল মুকলি কৰিছে যাতে এই যোগ্য অথচ অসফল প্ৰাৰ্থীসকলে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডত উন্নত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে।
২০২০-২১ বৰ্ষৰ পৰা ২০২৪-২৫ চনলৈ ইউ পি এছ চিৰ সাক্ষাৎকাৰত মুঠ ৫২,৯১০ গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে কয়, ইয়াৰে ৩৩,৯৫০ গৰাকী প্ৰাৰ্থীয়ে চূড়ান্ত বাছনি লাভ কৰিব নোৱাৰিলে। এই প্ৰাৰ্থীসকলৰ বাবে চৰকাৰে ৰাজহুৱা প্ৰকাশ আঁচনি আৰু শেহতীয়াকৈ প্ৰতিভা-সেতু পৰ্টেল আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত ইউ পি এছ চি আৰু অন্যান্য চৰকাৰী নিযুক্তি সংস্থাসমূহে পৰীক্ষাৰ এটা বা ততোধিক পৰ্যায় সফলতাৰে ক্লিয়াৰ কৰি চূড়ান্ত বাছনি তালিকাত স্থান লাভ কৰিব নোৱাৰা পৰীক্ষাৰ্থীৰ সবিশেষ ভাগ-বতৰা কৰে। এই সবিশেষ এতিয়া ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা (এনচিএছ) পৰ্টেল আৰু ইউপিএছচিৰ ৱেবছাইটত উপলব্ধ, যিটো ব্যক্তিগত কোম্পানী, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু অন্যান্য সংস্থাই নিযুক্তিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। চৰকাৰৰ মতে এই প্ৰাৰ্থীসকলৰ প্ৰস্তুতি আৰু অৰ্হতা উচ্চ পৰ্যায়ৰ আৰু অন্য ক্ষেত্ৰত তেওঁলোকক সুযোগ দি দেশৰ প্ৰতিভাক সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা যাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
