


– সমগ্ৰ সময়ছোৱাত উপস্থিত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আৰএছএছৰ সৰ্বভাৰতীয় কাৰ্যবাহী সদস্য ইন্দ্ৰেশ কুমাৰ
নতুন দিল্লী, ১০ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ প্ৰতিষ্ঠাৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে (১১ ডিচেম্বৰ) নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উমৈহতীয়া প্ৰেক্ষাগৃহত হিন্দুস্থান সমাচাৰৰ তৰফৰ পৰা সামাজিক-সাংস্কৃতিক চেতনা আৰু আৰ এছ এছৰ ওপৰত এক কাৰ্যসূচী আয়োজন কৰিব। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য দেশৰ সামাজিক আৰু সাংস্কৃতিক চেতনা জগাই তোলা আৰু সমাজলৈ আৰ এছ এছৰ অৱদানৰ ওপৰত আলোকপাত কৰা।
অনুষ্ঠানৰ সমন্বয়ক হিন্দুস্থান সমাচাৰৰ আঞ্চলিক সম্পাদক ড০ ৰাজেশ তিৱাৰীয়ে বুধবাৰে কয় যে এই কাৰ্যসূচীৰ মুখ্য অতিথি হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। এই কাৰ্যসূচীৰ সভাপতিত্ব কৰিব হিন্দুস্থান সমাচাৰৰ গোটৰ সম্পাদক তথা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ অধ্যক্ষ ৰাম বাহাদুৰ ৰায়ে। বিশেষ অতিথি হিচাপে উপস্থিত থাকিব হিন্দুস্থান সমাচাৰ গোটৰ অধ্যক্ষ অৰবিন্দ ভালচান্দ মাৰ্ডিকাৰ।
ড০ তিৱাৰীয়ে উল্লেখ কৰে যে অনুষ্ঠানত মুখ্য বক্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক সদস্য ইন্দ্ৰেশ কুমাৰে আধুনিক সমাজত সাংস্কৃতিক চেতনা আৰু সামাজিক দায়বদ্ধতাৰ গুৰুত্ব সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰিব। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মুখ্য অতিথি হিচাপে যুৱক-যুৱতীসকলৰ মাজত সামাজিক সচেতনতা আৰু নেতৃত্বৰ দক্ষতা বৃদ্ধিৰ ওপৰত আলোকপাত কৰিব। ইফালে, বিশেষ অতিথি হিচাপে উপস্থিত থাকিব ইস্কন বেংগালুৰুৰ উপ সভাপতি ভৰতৰ্ষভ দাস।
কাৰ্যসূচী সমন্বয়ক ড০ তিৱাৰীয়ে উল্লেখ কৰে যে সংঘৰ শতবাৰ্ষিকী যাত্ৰা সংগ্ৰাম, সেৱা, নিষ্ঠা, সংগঠন আৰু মূল্যবোধেৰে ভৰি পৰিছে। সংঘৰ মতে ভাৰতীয় সংস্কৃতিৰ অন্তৰ্নিহিত উপাদানসমূহ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যথেষ্ট। সংঘৰ লক্ষ্য হৈছে সমতা আৰু ভাতৃত্ববোধৰ সমাজ গঢ়ি তোলা। ইয়াৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ ৰাষ্ট্ৰ খনক কি দিশলৈ লৈ যাব বিচাৰে আৰু ইয়াৰ প্ৰতি তেওঁলোকৰ অৱদান বুজিব লাগে। সংঘই নিজৰ স্বেচ্ছাসেৱকসকলক ভাৰতবোধেৰে অনুপ্ৰাণিত কৰি নিস্বাৰ্থ কৰ্ম আৰু নিস্বাৰ্থ সেৱাৰ শিক্ষা দিয়ে। জীৱনত আধ্যাত্মিকতাক সন্নিৱিষ্ট কৰিলেহে এই সকলোবোৰ সম্ভৱ বুলি গণ্য কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
